নাখান্দো আই তোৰ বাখৰুৱা বুকু পিতাই- অভিজিত তামুলী

কত কিমান জনে আশা বান্ধে,সপোন ৰচে
তোৰ বুকুত আই,
বাৰিষাৰ কোবাল সোঁতে যেতিয়া ভেটা ভাঙে
তেওঁ কি বুজিব পিতাই!
এই ৰণুৱা- বনুৱা তেজ দিয়া গঞাৰ কথা।

ওখ অট্টালিকা নোৱাৰো সাজিব আই
তথাপি সাজোঁ সপোনৰ ঘৰ,
বিলাতী চাকৰি নোৱাৰোঁ কৰিব পিতাই 
তথাপি কদাপি নকৰোঁ চোৰ।
নোৱাৰিলে নাখাও হ'ব দে পিতাই,
বাৰীৰ পাছৰ ঢাপটোতে 
কৰিম খেতি।
তাতো লাগিব হেন্দালি ভৰি লাও,কোমোৰা 
আলু-কচু- বন্ধাকবি।

যি আনো তাকে খাবি ,যি দিও তাকে পিন্ধিবি 
তথাপি নকৰিবি আনক ক্ষতি
বানত যদি গ'ল খেতি তাকো নকৰিবি দুখ,
জালতে আনিম ৰৌ-বৰালি তাকে খাম পুৰি 
খাৰ-খাৰলি যিহঁকে আছে তাকে আন বিচাৰি
তথাপি নিদিও আনৰ বাৰীলৈ চকু
তথাপি নাখান্দো আনৰ বাৰীৰ কচু।

সন্ধিয়া পৰত গাঁৱৰ নামঘৰত ডবা-শংখ বাজিব
দেখি নাপালেও শুনিবটো পাম,
আই তই বানৰ পানীৰে তিয়াবি দেহা
ধূপ-ধূনা নাথাকিলেও কৰিবি সেৱা
তথাপি নানো দিলীপ ককাইদেউ নথকাৰ সুযোগত
জপনা নথকা দোকানৰ পৰা।

বান গ'ল পুৱাতে তোক-মোক নকলে
তথাপি নকৰিবি দুখ!
চিতাৰ জুই যদি জ্বলিছে তালৈকে যাম এপাক 
পাৰো যদি শেষলৈকৈ থাকিম,
তইয়ো যাবি এপাক,পাৰ যদি মাত এষাৰ দিবি।
আমাৰ যে ল'ৰা-ছোৱালী কেইটা তাহাঁতকো নিবি 
পাৰ যদি আৰু নিবি নামঘৰ-মন্দিৰ
লগৰ সমনীয়াৰ সৈতে খেলিবলৈও দিবি 
পোৱা-নোপোৱা,সুখ দুখ তাৰো কথা কৈ
ৰাতিৰ চোতালত সাধু এটাও ক'বি।

Post a Comment

Previous Post Next Post