কণ কবিতা- সংগীতা মাইনা ডেকা

তোমাৰ প্ৰেমৰ সুৰক আকোঁৱালি 
সংগীত বনাবলৈ মানস কৰিছিলোঁ 
নাজানোঁ নহয়, সাংগীতিক স্বৰৰ ব্যাপ্তিও কিমান ? 

ৰিণি ৰিণিকৈ পৃষ্ঠাবোৰ খুল খায় জানা! 
সোঁৱৰণি তাঁৰবোৰৰ লহৰে লহৰে 
মনত পৰে, এটি এটি সুৰীয়া তৰংগই 
বুকুত যে গভীৰ সাঁচ বহুৱাইছিল 
জনা নজনাকৈয়ে!

Post a Comment

Previous Post Next Post