দায়িত্ব- আব্দুল কাদেৰ মিঞা

©Admin
0
সচৰাচৰ আমি বাটে-ঘাটে যিবিলাক দৃশ্য প্ৰত্যক্ষ কৰোঁ তাৰে অধিকাংশই হ'ল ল'ৰা হৈ ছোৱালীবোৰক বিৰক্ত কৰা।
কিছু অভদ্ৰ ল'ৰাই ছোৱালী দেখিলেই তেওঁলোকৰ ওপৰত বেয়া দৃষ্টি ভঙ্গিমা আৰু অশ্লীল ভাষা প্ৰয়োগ কৰি থাকে যদিও এইবিলাক জঘন্য কাম ল'ৰাৰ ক্ষেত্ৰত আনন্দ হ'ব পাৰে কিন্তু ছোৱালীৰ ক্ষেত্ৰত এয়া এক লজ্জা জনক বিষয়।
তুমি অভদ্ৰ ল'ৰা হৈ ভাবি আছা ছোৱালী বিলাকে এইবিলাক একো শুনা নাপায় বা বুজি নাপায়। এইখিনি যদি ভাবি থাকা তেনেহলে সম্পূৰ্ণ ভুল ভাবিছা।ছোৱালী বিলাকে সকলো শুনি বুজি একো নোকোৱাৰ কাৰণ হ'ল তেওঁলোক দুৰ্বল।লাজ পোৱাৰ ভয়ত মুৰ তলমুৱাকৈ গুচি যায়।তেওঁলোকে এইটোৱে বিশ্বাস কৰে যে কুকুৰৰ নেজ কেতিয়াও চিধা নহয়।
কিমান জঘন্য ধাৰণা এই ল'ৰা বিলাকৰ ওপৰত।যিটোৰ কাৰণে অকল ল'ৰাবোৰেই দায়ী!
যদি তুমি অভদ্ৰ ল'ৰা হৈ এইবিলাক জঘন্য কাম কৰি আছা আজিৰে পৰা পৰিহাৰ কৰা। কাৰণ তুমি নাজনা এইবোৰ কাম কিমান ঘৃণনীয়।
ছোৱালী বিলাকক দুৰ্বল সজাই কেতিয়াও কা-পুৰুষৰ পৰিচয় দিয়াৰ চেষ্টা নকৰিবা।
যিজন ছোৱালীক দেখি তুমি এনেকুৱা কৰিছা সি তোমাৰ কোনো নহ'ব পাৰে কিন্তু কাৰোবাৰ বাবে তেওঁ ৰাজকন্যা,কাৰোবাৰ ভনীয়েক আকৌ কাৰোবাৰ প্ৰিয়জন। তাৰ পিছতো যদি এনে কাম কৰি থাকা তেনেহ'লে জানি লোৱা তোমাৰ ভৱিষ্যতৰ সংগীজনীৰ ওপৰত হয়তো কোনোবাই ঠিক এনেকুৱা কৰিছে।ভৱিষ্যতত তোমাৰ কন্যাজনীৰ ওপৰত হয়তো কোনোবাই এনেকুৱা কৰিব।তেতিয়া তোমাৰ কেনে লাগিব?
নিশ্চয় বেয়া!
সেই কাৰণে ছোৱালী মানুহৰ ওপৰত এনে বেয়া আচৰণ নকৰিবা। ছোৱালী মানুহৰ ওচৰত নিজকে কাপুৰুষ সজাই নাৰাখিবা। নিজৰ চৰিত্ৰত দাগ লগুৱাৰ চেষ্টা নকৰাই ভাল। ছোৱালী বিলাকক সন্মান কৰিবলৈ শিকা।এওঁলোকক ভাল পাবলৈ শিকা।যদি সচাঁই তাকে কৰিব পাৰা তেতিয়া হ'লে জানি লোৱা তোমাৰ ভাগ্যত ছোৱালী এগৰাকীৰ অসীম ভালপোৱা পাই থাকিবা।সময়ৰ লগে লগে এদিন তাৰ প্ৰমাণ পাই যাবা !
জোৰ কৰি ধৰ্ষণ কৰা যায় ভালপোৱা নহয় !
ছোৱালী মানুহৰ প্ৰকৃত ভালপোৱা পাবলৈ নিজৰ চৰিত্ৰ ভাল ৰখাটো অতি প্ৰয়োজন।মনত ৰাখিবা ৰাস্তাত কেতিয়াবা অকলে ছোৱালী দেখিলে সেইয়া তোমাৰ সুযোগ নহয় বৰঞ তোমাৰ দায়িত্ব হে !

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)