জীৱনৰ ব্যৰ্থতা-চেমিমা চুলতানা

Rinku Rajowar
0
নিৰৱতা, মৌনতাৰ এই গম্ভীৰ নিশা
         দৰ্জা ৰ ফাকেৰে অহা
         জোনৰ মিঠা-মিঠা পোহৰ.. 
         মনৰ ভিতৰত এক অবোজ শংকা... 

         আশা ভৰা এই জীৱনত
         ব্যৰ্থতাই বাট ভেটি ধৰিছে
         পোৱা-নোপোৱাৰ কল্পনাই 
          চিন্তাৰ টোপোলাতো ভৰাই পেলাইছে... 

          ক'ত আশা, ক'ত স্মৃতি, ক'ত প্ৰতিশ্ৰুতি.. 
          সকলো যেন আজি জীৱনৰ 
          ধুমুহাত উৰি যাব ধৰিছে, 
          নদীৰ বোৱতী সোঁতৰ দৰে
          বইছে অশ্ৰুৰ নিজৰা... 

           স্মৃতিৰ টোপোলাতো লৈ আগবাঢ়ো
           নে পুৱাৰ হেঙুলি পোহৰত 
           জীৱনতো নতুনকৈ ৰঙিন কৰো......

                     ✍️চেমিমা চুলতানা
                           মৰিগাঁও, অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)