পৰিৱৰ্তন-কনমনি নাথ

Rinku Rajowar
0
ধৰ্ম ভেদে মানৱ আজি কলংকিত,
নৱ নৱ ঘটনা বিৰাজ হৈ
পৃথিৱী অস্থিৰ কৰি তুলিছে।
চাৰিও দিশ মাথোঁ আতংকিত,
নিজ স্বাৰ্থ উপনীত হ'ব গৈ
মানৱ আজি দিশহাৰা !
ভাতৃত্ববোধ, ধৰ্ম নিৰপেক্ষ, সহাঁৰি জনাবলৈ
শংকৰ,মাধৱ,আজান ফকীৰ
আজি যে নাই,,,,!
সত্য পথৰ নিদৰ্শন দিবলৈ
আজি যে মহাত্মা গান্ধী নাই!
কৰ্মৰ প্ৰতি স্পৃহা দেখুৱাবলৈ
আজি যে নবীন চন্দ্ৰ বৰদলৈ নাই,,,,!
নিজ স্বামীৰ হকে আত্ম বলি দান দিয়া
জয়মতী আজি যে নাই,,,!
সময়ৰ গতিত আমি বোৰ মাথোঁ ৰূপায়িত 
একো একোজন যন্ত্ৰ সদৃশ।

শত্ৰু কোন, মিত্ৰ কোন?
পাহৰি দৌৰি আছো লক্ষ্যহীন অন্ধ পথ চাৰি হৈ।
পৰিবৰ্তনৰ বীজ সিচাবলৈ 
স্বৰ্গদেউ চুকাফা,কিম্বা বীৰ যোদ্ধা মহা প্রতাপী সেনা নায়ক লাচিত বৰফুকন আজি যে নাই,,,!
মাথোঁ বুৰঞ্জীত লিপিবদ্ধ সাক্ষী হৈ আজিও জিলিকি আছে।
সময় থাকোতেই
আমি আমাৰ মানসিকতা পৰিবৰ্তন ঘটাই ,
নতুন বীজ সিচাই
নিকা এখন ভাৰত গঢ়াৰ সংকল্প লওঁ আহক।


✍️ কনমনি নাথ। বি'ব্লক, বাক্সা।
     ৯৯৫৭৮৪৬৯৯০

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)