মাছমৰীয়া- ধূন্তি প্ৰিয়ম গগৈ

©Admin
0
এইটো...আহ আহ এইটো এইটো...ধৰ ধৰ পলাব এতিয়া।

জগতহতঁৰ ঘৰৰ কাষতে থকা বিলখনত জগতে মাছ মাৰি আছে জালত এটা প্ৰকাণ্ড মাছ উঠাত এইদৰে লগৰ তোক চিঞৰি উঠিল।

এইবাৰ লগত মাছমাৰিবলৈ অহা,তেওঁ কলে-

__এ নোৱাৰিলোঁ অ ধৰিব মাছটো,কেনেকৈ যে জালৰ পৰা পলালে।

ইচ্ ইচাই দুয়ো ইটোৱে-সিটোৰ মুখলৈ চালে ।এইবাৰ আকৌ জগতে ক'লে-

__ধেৎ তেৰি,এটাও মাছ আজি ধৰিব নোৱাৰিলোঁ।কি হ'ব আজি বজাৰত যদি মাছ উলিয়াব গৈ নোৱাৰোঁ।

__কি হ'ব আৰু সদায় হোৱাটোৱে হ'ব ,পেট মৰিব।

সিহঁত দুয়ো মাছমৰীয়া,বিলত মাছ ধৰি বজাৰলৈ বিক্ৰী কৰিবলৈ নি দুই এপইচা পায়।আৰু সেই টকাৰেই দৰিদ্ৰ পৰিয়ালটো চলে।জগতৰ দুটা সন্তান,এটা ল'ৰা আৰু আনজনী ছোৱালী।এইবাৰ ল'ৰাটোৱে মেট্ৰিক পৰীক্ষা দিছে।পঢ়াত ল'ৰাটো ভাল,নিশ্চয় ভাল ৰিজাল্ট কৰিব।ছোৱালী জনী ক্লাছ চিক্সৰ।তাইও পঢ়াত ভালে।কিন্তু দৰিদ্ৰ পৰিয়ালত জন্ম হোৱাৰ বাবে আনৰ দৰে সুবিধাৰ পৰা বঞ্চিত সদায় সিহঁত।তথাপিও পঢ়া-শুনাত ভাল।

এইবাৰ বিলৰ পৰা সিহঁত ঘৰলৈ উভতি আছিল।আজি হয়তো লঘোণে থাকিব লগা হ'ব জগতৰ পৰিয়ালে।লগত যোৱা জনৰ খেতি-বাতি আছে।দুবেলা দুমুঠি খাবলৈ কেনেবাকৈ হয়গে।কিন্তু জগতৰ একোৱে নাই।বাহ বেতৰ ঘৰটো সাজিব পৰাকৈ এডোখৰেই মাটি তাতেই ঘৈণী অনুপমাৰ স'তে চাৰিওটাই থাকে।

খালি হাতেৰে অহা দেখি অনুপমাই ক'লে-

__হেৰি... আজি মাছ নাপালে নেকি??ৰাতি বৰষুণ দিছিল দেখোন৷

জগতে মন মাৰি আহি বাৰান্দাৰ কেঁচা পিৰালিত বহি দুখ মনে কলে-

__নাই অ' আজি এটাও মাছ নাই।পোৱাতে বুলে বিহ দি চৰকাৰৰ মানুহ আহি বিলৰ সকলো মাছ মাৰি লৈ গৈছে।আৰু শেষত এটা ফচিছিল কিন্তু,সেইটোও এৰাখাই পলালে।

__এতিয়া ৰাতিৰ সাজ ক'ৰ পৰা যোগাৰ কৰিম হয় নে!আমি এসাঁজ নোখোৱাকৈ থাকিব পাৰিলেও,ল'ৰা ছোৱালী দুটাক কেনেকৈ ৰাখিম?

__কি কৰিবা আৰু! কঁপালৰ লিখন বুজিছা।

জগতৰ কথাষাৰ শেষ নহওঁতেই অনুপমা ভিতৰলৈ সোমাই গ'ল।

__মা অ' মা.. কি কৰি আছা হয়?এইফালে আহাচোন।

পুতেকে ক'ৰবাৰ পৰা আহি মাকক মাত লগালে।


মাকে ভিতৰৰ পৰা ওলাই আহি পুতেকলৈ চালে ।

__কি আনিছ মোনাত?

পুতেকে কাষ চাপি আহে-

__মা মিনতি আইতায়ে বৰা চাউল অলপ দি পঠাইছে ।বিহুত নগ'লো যে পিঠা খাবলৈ।

মাকে পুতেকৰ হাতৰ পৰা মোনাতো নিজৰ হাতত তুলি ক'লে-

__ভালেই কৰিলি,নহলে আমি আজি লঘোণত থাকিব লগা হ'ল হয়।বাপেৰে হ'ল মাছমৰীয়া,বাকী একো বিদ্যা নাই বাপেৰৰ।মাছ মাৰিয়ে জীৱনৰ আধা বয়স শেষ কৰিলে৷

__মা মই পঢ়িছোঁ নহয়,মই পঢ়ি-শুনি ডাঙৰ মানুহ হ'ব বিচাৰো আৰু ডাঙৰ মানুহ হৈ আমাৰ ঘৰৰ অভাৱবোৰ নাইকিয়া কৰিম মা।

মাকৰ চকুৰ পৰা চকুলো গম নোপোৱাকৈ বৈ আহিল।
__মোৰ সোণ তই ডাঙৰ মানুহ হোৱাটোৱে মোৰ বাবে বহুত ডাঙৰ সপোন ।অভাৱবোৰৰ মাজটো যে তই প্ৰতি বছৰে ভাল ৰিজাল্ট কৰ মই বহুত সুখী।

ভিতৰৰ পৰা জগতৰ জীয়েক ওলাই আহি মাকক পাছফালৰ পৰা সাৱটি ধৰিলে ।

__মা মা এইবাৰ মোক ভাল কাপোৰ এযোৰ লাগিব কিন্তু ।

অলপ খং কৰি পুতেকে কয়-

__অই ছোৱালী তই লাগে বুলি ক'লেই তোক কাপোৰ দিব নোৱাৰে নহয়৷ হাতত টকা থাকিবওটো লাগিব মাহতঁৰ।

তাই মুখখন ফুলাই ক'লে-

__ই সদায় টকা নাথাকেই।লোকৰ ল'ৰা ছোৱালীয়ে নতুন নতুন কাপোৰ পিন্ধে আৰু আমি এযোৰ কাপোৰ পাবলৈ কান্দি থাকিব লাগে।কিয় ইমান দুখীয়া আমি দাদা??

ছোৱালীজনীয়ে উচুপি উঠে।ভনীয়েকক চকুলো মোহাৰি মোহাৰি কয়-

__হ'ব দে ইমান দুখ কৰিব নালাগে,টকা হ'লে আনি দিব বাৰু কাপোৰ এযোৰ আৰু মই পঢ়ি-শুনি কিবা ভাল কাম এটা কৰি তোক মই সদায় নতুন নতুন কাপোৰ আনি দিম হ'ব!

যেনে-তেনে ফুচুলাই কন্দা বন্ধ কৰিলে ককায়েকে।মাকৰ মুখলৈ চাই পুতেকে ক'লে-

__মা তোমাৰ দুখবোৰ আৰু কিছুদিনৰ পাছত দূৰ কৰিম।কলেজলৈ পালে পঢ়াৰ লগতে কামো কৰিম।দোকান এখনত মই কামৰ বাবে কথা পাতিছোঁ,কলেজ ছুটী কৰি মই দোকানত থাকিম বাকী সময়।দেউতাৰ দৰে মই হ'ব নিবিচাৰোঁ মাছমৰীয়া।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)