আলিংগন-বিটুমনি কোছঁ

©Admin
0
শাওনৰ গভীৰ সজোৰ চুম্বন
গুৰি গুৰি হৈ স্থিতিহীন হোৱাৰ
দুৰ্বাৰ বাসনা,,,,,,,।

নিষ্পেষিত হোৱাৰ বাসনাত
সংগমস্থানত সুৱাসিত নিশ্বাসৰ
উম অনুভূতি,,,,,,,,।

পাহাৰৰ উঠা-নমা দেহৰ ভংগিমাত
শৰীৰ-মন ব্ৰহ্মানন্দৰ অনুভৱৰ
সান্নিধ্যৰ তৃপ্তি,,,,,,,,।

সৌন্দৰ্য পৰিৱৰ্তনৰ সংজ্ঞাৰে
অম্লপিত্তত ভোগি প্ৰেমৰ অঞ্জলিয়ে
গৰিমা হেৰুৱাই,,,,,,।

দ্বিধাগ্ৰস্ত মন প্ৰশান্তিৰে ভৰি
নীচাত্মিকাবোধৰ মাজত
ভোগিব লাগিছে,,,,,,,,,।

আত্মাই গ্ৰহণ কৰে স্নেহ স্পৰ্শৰ অমৃত
সংগমহীন প্ৰেমৰ জোৱাৰত
বিবসনা প্ৰকৃতি,,,,,,।

প্ৰেম কাতৰ মুখৰ অধীৰ অন্বেষণ
কোমল ৰ'দত হাঁহি থকা পৃথিৱীৰ
  মেঘৰ আলিংগন,,,,,,।

      *বিটুমনি কোছঁ*
 *ধেমাজি (মাছখোৱা)*

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)