আত্মকথা-প্ৰণৱ চক্ৰৱৰ্ত্তী

©Admin
0
চক্ৰবেহুৰ সিপাৰেও
কোনোবাই ৰৈ আছিল,
আমাৰ চকুপানী
তেওঁলোকৰ তৃপ্তি৷
শামুকৰ খোলাত নিজক
বন্দী নকৰোঁ বুলি
কাহানিবাই শপত খাই থৈছিলো,
মনটোক নদীৰ সমান 
বিশাল কৰিব নোৱাৰিলেও
বুকুখন ডাঠ কৈ ৰাখিব শিকিছিলো৷
দুদিনমান যুদ্ধ হৈছিল
হাৰি যাওঁ বুলি ভয়ো হৈছিল,
প্ৰতিপক্ষক দুৰ্বল কৰিব পৰা
মগজু এটা জন্মসূত্ৰে আছিল বাবেই 
চক্ৰবেহুক ওফৰাই দি
এতিয়া আমিবোৰ মুক্ত...
চক্ৰবেহুৰ সিপাৰে ৰৈ থকাবোৰ
সময়ৰ গতিত নিঃসঙ্গ , নিঃচিহ্ন৷

*প্ৰেৰক- প্ৰণৱ চক্ৰৱৰ্ত্তী*
*নলবাৰী৷*

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)