চাৰিওফালে হিংসাৰ কলা ধুমুহা, তাৰ মাজতে একুৰা জুই জ্বলিছে আৰু সেই জুইত উইচিৰিঙাৰ দৰে কীট-পতংগ বোৰৰ মৃত্যু হোৱাৰ দৰে মানৱতা বোলা বস্তুটোৰো মৃত্যু হ'ব ধৰিছে।
জুইৰ লেলিহান শিখাই বিনষ্ট কৰি আছে পৃথিৱীৰ সেউজীয়া সৌন্দৰ্য্য।
সুন্দৰ সমাজ ব্যৱস্থাত আজি ভয়ৰ সন্ত্ৰাসৰ সৃষ্টি কৰি নিজৰ অধিকাৰৰ পৰা সাধাৰণ মানুহক বঞ্চিত কৰি ৰাখিছে।
ৰিক্সাৱালাৰ পৰা আৰম্ভ কৰি অট্টালিকাত বাস কৰা প্ৰতিজন মানুহে যেন হেৰাই পেলাইছে প্ৰকৃত মানৱতা।
মানুহৰ মাজত হেৰাই গৈছে মানুহ।কাৰো কথা ভাৱিবলৈ কাৰোৰে সময় নাই আজি।নিজকলৈ সকলো ব্যস্ত। সভ্যতাৰ জখলাত মানুহ যিমানে আগবাঢ়ি গৈছে সিমানে মানুহৰ মাজত মানৱীয় প্ৰমূল্যবোধৰ অৱক্ষয় ঘটিছে।
ধন, সম্পত্তি, ঔশ্বৰ্য আহৰণত এতিয়াৰ মানুহ ব্যস্ত।ব্যস্ততাময় জীৱনৰ মাজত মানুহে সমাজক পাহৰি গৈছে।
তাহানিৰ পিতৃ মাতৃৰ দৰে এতিয়াৰ মা দেউতা সন্তানক সমাজ গঢ়াৰ শিক্ষা দিবলৈ সময়ে নাই আৰু ঘৰখনত আগৰ দৰে পৰিৱেশো নাই।
সকলে ব্যস্ত এতিয়া নিজক লৈ।
নিজৰ বৃত্তি অৰ্থাৎ প্ৰফেশ্যনক লৈ।
বৰ্তমানৰ সন্তান সৰু অৱস্থাৰে পৰা যন্ত্ৰমানৱৰ ৰূপ লয়। সৰুৰে পৰা এওঁলোক নিজক লৈ ব্যস্ত থকা দেখা যায়। ব্যস্ততাৰ মাজত এওঁলোকে চিনি নাপায় সমাজ। কাৰণ তেওঁলোকে ব্যস্ততাৰ বাবে সমাজৰ সংস্পৰ্শলৈ যোৱাৰ সুযোগ সুবিধা নাপায়।
এনেকৈ ডাঙৰ দীঘল হোৱা সন্তানে সময়ত গৈ কেৱল নিজক লৈ ব্যস্ত হয়।
নিজৰ বাহিৰে এওঁলোক কাকো চিনি নোপোৱা হয়।কাকো নামানে এনে সন্তানে। আনকি সময়ত গৈ নিজৰ পিতৃ মাতৃকো চিনি নোপোৱা হয়।
এটা সময়ত গুৱাহাটী মহানগৰীত এটা নে দুটা বৃদ্ধাশ্ৰম আছিল । এতিয়া মহানগৰীৰ কথা বাদেই দিয়ক,সৰু সুৰা নগৰ চহৰ আৰু গাঁৱতো বৃদ্ধাশ্ৰম গঢ়ি উঠিছে।
বৃদ্ধাশ্ৰম স্থাপন কৰাটো এক মানৱীয় কাম। কিন্তু ইয়াৰ বিপৰীত দিশটো ভাবি চাওঁচোন। কিয়? ইখনৰ পিছত সিখন বৃদ্ধাশ্ৰম গঢ়ি উঠিছে ?
তাৰ অৰ্থ এইটো নহয় যে সেই বৃদ্ধাশ্ৰম সমূহত থাকিবলৈ অথবা খাবলৈ বা অন্য কোনো সমস্যা হৈছে। ইয়াৰ সমান্তৰালভাৱে আৰু এটা প্ৰশ্ন নিজকে কৰকচোন । সেই বৃদ্ধ লোকসকল নিজৰ ঘৰ দুৱাৰ আত্মীয়- স্বজন এৰি বৃদ্ধাশ্ৰমলৈ কিয় আহিছে।এই প্ৰশ্নটোৰ উত্তৰতে বৰ্তমান সমাজ ব্যৱস্থাৰ ভয়াৱহ ৰূপটো পোহৰলৈ ওলাই আহিব।
নিজৰ সন্তানক ডাঙৰ- দীঘল কৰি কোনো এটা উচ্চ স্থানত সংস্থাপিত কৰাৰ পাছত মা - দেউতাকক চিনি নোপোৱা হয়। আৰু তেতিয়া নিজৰ পুত্ৰ- বোৱাৰীয়ে নোচোৱাৰ বাবেই এওঁলোক বৃদ্ধাশ্ৰম যাবলৈ বাধ্য হয়।ভাবি চাওঁকচোন এইবোৰ কথা এবাৰ।
পুত্ৰ - বোৱাৰীয়ে নিজৰ মা- দেউতাকক নাচায়। অৰ্থাৎ প্ৰতিপালন নকৰে। এনে বোৰ কথা ভাবিলেই ভয় লাগে। আমাৰ সমাজত পিতৃ মাতৃৰ এটা স্থান আছে। সন্তান ডাঙৰ হৈ নিজৰ মাক-বাপেকক শুশ্ৰূষা কৰাটো এক ধৰ্ম বুলি গণ্য কৰা হয়।
ভয়াৱহ কথাটো হৈছে এনে পৰিৱেশ অথবা মানসিকতা আমাৰ সমাজত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে।যাৰ বাবে ৰাজ্যত বৃদ্ধাশ্ৰমৰ সংখ্যা বৃদ্ধি পাই আছে।
আচৰিত কথাটো হ'ল- সন্তানে যদি নিজ পিতৃ - মাতৃক অৱহেলিত কৰে তেনেহলে মা - দেউতাই বৃদ্ধাশ্ৰমত থাকিয়ো অশান্তি অনুভৱ কৰিব। যি সন্তানে নিজৰ বৃদ্ধ পিতৃ - মাতৃৰ পৰা দূৰত আঁতৰি থাকিব পাৰে, তেওঁলোকৰ সমস্যা অনুভৱ কৰিব নোৱাৰে,এনে সন্তান দেশ আৰু সমাজৰ মানুহৰ কথা কি চিন্তা কৰিব। এনে সন্তানৰ কাৰণে বৰ্তমান মানৱতা নামৰ বস্তুটোৰ মৃত্যু হৈ আছে। এই ক্ষেত্ৰত প্ৰতিজন সন্তানৰ মানসিকতা পৰিবৰ্তন কৰিব লাগিব। তেতিয়াহে আমাৰ বৃদ্ধ পিতৃ- মাতৃয়ে জীয়াই থকা বাকী দিন কেইটাত শান্তিৰে জীৱন- যাপন কৰিব পাৰিব।মন কৰিব লগীয়া কথাটো হ'ল প্ৰতিজন পিতৃ- মাতৃয়ে সৰুৰে পৰা প্ৰকৃত শিক্ষাৰে সন্তানক ডাঙৰ দীঘল কৰিব পাৰিলে তেওঁলোকৰ হৃদয়ত মানৱতাবোধৰ জন্ম দিব পাৰিব। যাৰ দ্বাৰা এখন সুস্থ সমাজ গঢ়ি তুলিব পাৰি।
সমাজ এখন মানুহে গঢ়ে আৰু মানুহেই ধ্বংস কৰে। গতিকে সমাজত বসবাস কৰা সকল সচাঁ অৰ্থত মানুহ হ'লে সমাজখনো সুন্দৰ হ'ব। আৰু সমাজে সৃষ্টি কৰা মানুহবোৰো মানৱীয় প্ৰমূল্যবোধৰ অধিকাৰী হ'ব।
মানৱতাৰ অপমৃত্যু তেতিয়াই হয় যেতিয়া সৰুতে দেউতাৰ পুৰণি চাইকেলৰ পিছফালে বহি য'তে ত'তে ফুৰিবলৈ যোৱা ল'ৰা জনে ডাঙৰ হৈ বুঢ়া দেউতাকক বাইকত উঠাবলৈ লাজ বা সংকোচ কৰে।
মানৱতাৰ অপ-মৃত্যু তেতিয়াই হয়- যেতিয়া গধূলি অসহায় চাইকেল আৰোহীজনৰ চকুত আপোনাৰ চাৰিচকীয়া বাহনৰ লাইটৰ পোহৰ পৰি পথৰ ওপৰত মানুহজন বাগৰি পৰে আৰু আপুনি AC গাড়ীৰ ভিতৰৰ পৰা ওলাই আহি মানুহজনক সহায় কৰাৰ বিপৰীতে খিলখিলাই হাঁহি তাৰ পৰা আতঁৰি যায়।
মানৱতাৰ মৃত্যু কেতিয়া হয়?
৫০ হেজাৰ টকা দৰমহা পোৱা চৰকাৰী কৰ্মচাৰী এজনে দিন হাজিৰা কৰি ২০০ টকা উপাৰ্জন কৰা ব্যক্তি এজনৰ পৰা যেতিয়া উৎকোচ বিচাৰে।
শঙ্কৰ - আজানৰ সম্প্ৰীতিৰ দেশত হিংসা - প্ৰতিহিংসাৰ দাৱানল। জাহ গৈ আছে সাতামপুৰুষীয়া একতাৰ এনাজৰী। সাম্প্ৰদায়িকতাৰ ধুমুহা চাৰিওফালে।কদৰ্যময় পৰিৱেশ য'ত শান্তিৰ উশাহ লোৱাটোও কষ্টকৰ হৈ পৰিছে। অমূল্য জীৱনৰ মূল্য আজি নিমিষতে হৈ পৰিছে মূল্যহীন। ধৈৰ্য, দয়া,ক্ষমা, সহযোগিতা আদি মানৱীয় গুণ আজি বিলুপ্তি । শ্ৰেষ্ঠতাৰ মুখা পিন্ধা মানৱৰ কু- কৰ্মত আজি লজ্বীত মানৱ সমাজ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ