মৃত্যুৰ কিৰিলি- আব্দুল কাদেৰ মিঞা

©Admin
0
প্ৰতিদিনেই বাতৰি কাকত,
বৈদ্যুতিক মাধ্যম, সামাজিক মাধ্যমত এটা নহয় এটা হত্যা, আত্মহত্যা বা অকাল মৃত্যুৰ খবৰ থাকিবই।কোনোবা এটা মৃত্যুৰ খবৰে কেতিয়াবা সমাজত বহু তোলপাৰ লগাই যদিও বেছি সংখ্যক মৃত্যুক সহজ ভাৱে সমাজে গ্ৰহণ কৰে।
আজিৰ সমাজৰ বহু সংখ্যক ব্যক্তিয়ে জীৱন আৰু মৃত্যুৰ সম্বন্ধে কোনোদিনেই গভীৰ ভাৱে চিন্তা নকৰে।মৃত্যু নামৰ শব্দটোক আমি সকলোৱে ভয় কৰোঁ।সেয়ে জীৱন আৰু মৃত্যু এই দুয়োটাৰ বিষয়ে ভালদৰে বুজিবলৈ চেষ্টা কৰিব লাগিব।

মৃত্যু কিমান ভয়ানক ইতিমধ্যে আমি নিজ চকুৰে প্ৰত্যক্ষ কৰিলোঁ। ক'ৰোনা মহামাৰীৰ ভাইৰাছবিধৰ সম্মুখত বিধ্বস্ত হ'ল বিশ্বৰ সকলো উন্নত ৰাষ্ট্ৰ।কি আমেৰিকা,কি ভাৰতৰ,কি ফ্ৰান্স,
কি চীন ,কি স্পেইন সকলোতে সন্ত্ৰাস চলাই গ'ল মহামাৰী ক'ৰোনা ভাইৰাছে।
মৃত্যুৰ ভয়ত ক'ৰোনাক প্ৰতিহত কৰিবলৈ বিশ্বৰ প্ৰায় কেইখন দেশতে ঘোষণা কৰা হৈছিল লকডাউন।ভাৰতৰ সভ্যতা সংস্কৃতিত কোনো দিনে নেদেখা দৃশ্য দেখিব লগা হৈছে আৰু নুশুনা কথা শুনিব লগা হৈছে।আমাৰ দেশত সাধাৰণ বন্য প্ৰাণীৰ মৃত্যু হ'লেও অগণন লোক সমবেত হৈ ধূপ-ধূনা জ্বলাই মৃতদেহৰ সৎকাৰ কৰে। আৰু এইখন দেশতে ক'ৰোনাত মৃত্যু হোৱা মৃতদেহৰ কাষৰ পৰা পৰিয়ালৰ সদস্যই বহুদূৰ আঁতৰি থকাৰ এক মৰ্মান্তিক দৃশ্য দেখিবলৈ পোৱা যায়।ক'ৰোনা ৰোগত মৃত্যু হোৱা মৃতদেহ এটা যেন নিউক্লিয়াৰ বোমাতকৈও ভয়ংকৰ হৈ পৰিছিল। মৃতদেহ সৎকাৰৰ বাবে চৰকাৰে ঘোষণা কৰিছিল কঠোৰ নীতি নিৰ্দেশনা।ধৰ্মীয় ৰীতি-নীতিৰে কৰিব পৰা নাছিল মৃতদেহৰ সৎকাৰ। চাৰিওফালে হাহাকাৰ পৰিস্থিতি আছিল।সকলো মানুহৰ অন্তৰত ক'ৰোনাৰ কৰুণ মৃত্যুৱে ৰাতিৰ টোপনি নাইকিয়া কৰিছিল। এনে ভয়ংকৰ মৃত্যুৰ পৰা সকলোৱে নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিছিল।এইকেইদিন বাতৰি কাকত বৈদ্যুতিক মাধ্যম আৰু সামাজিক মাধ্যমত এটা বাতৰি চৰ্চাত আছে ৰাছিয়া - ইউক্ৰেইনৰ যুদ্ধৰ হাহাকাৰ পৰিস্থিতি।মৃত্যুৰ ভয়ত শিশুৰ পৰা বৃদ্ধ লৈকে যিকোনো পৰিস্থিতিৰ লগত মৃত্যুৰ পৰা নিজকে বচাবলৈ আহৰহ চেষ্টা কৰি আছে।টেলিভিছনৰ পৰ্দাত সঘনাই দেখা পোৱা এনে মৰ্মান্তিক দৃশ্য সচাযই ভয়লগা।কোনেও এনে পৰিস্থিতিৰ সন্মুখীন হৈ নিজৰ বহুমূলীয়া জীৱন শেষ কৰিব নিবিচাৰে।ইয়াৰ পৰা প্ৰমাণ পাওঁ মৃত্যু নামৰ শব্দটোৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ সকলোৱে চেষ্টা কৰি আছে। অভিশপ্ত ৮ ছেপ্তেম্বৰ , যোৰহাটৰ নিমাতীঘাটৰ নাওঁ দুৰ্ঘটনাৰ কথা আমি কোনেও পাহৰিব নোৱাৰিম।নিজ চকুৰে প্ৰত্যক্ষ কৰিলোঁ মৃত্যুৰ কিৰিলি।
কোনোবাই হেৰুৱালে প্ৰিয়জনক আৰু কাৰোবাৰ ভাঙিল সপোন।
তেনেই বৰ দুৰ্ভাগ্যজনিত ছিপাঝাৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শোকাৱহ পথ দূৰ্ঘটনা।নিয়ন্ত্ৰণহীন ট্ৰাকে কাঢ়ি ল'লে ৩ জনকৈ ফুলকোমলীয়া যুৱকৰ প্ৰাণ।সপোন গঢ়াৰ সময়তে মৃত্যুক আকোঁৱালি লৈ মাক-দেউতাকৰ অন্তৰত দি গ'ল দীৰ্ঘদিনীয়া শোকৰ ছাঁ।মৃত্যুৰ ওচৰত আমি সকলোৱে অসহায়।জন্মিলে মৃত্যু হোৱাটো নিশ্চিত।মৃত্যু একমাত্ৰ মানুহৰে নহয়।সকলো জীৱৰেই মৃত্যু আছে।জন্মিছো যদি এদিন মৃত্যুও অনিবাৰ্য।নমৰোঁ বুলি ক'লেও মৰিবই লাগিব। মৃত্যুৰ পৰা ক'ৰবালৈ পলাই সাৰিম বুলি ভাবিছে নেকি কোনোবাই?কলৈ পলাই সাৰিব?মৰণশীল জীৱৰ ভিতৰত মৰণক লৈ শিহঁৰিত হোৱা বা ভয় খোৱা জীৱ চাগে মানুহৰ বাদে দ্বিতীয় এটাও নোলাব!
সকলো মানুহৰ জীৱনত বিশেষ এটা দিন আছে।যেতিয়া নিজৰ তেজ মঙহৰ মানুহ বা পৰিচিত মানুহৰ কোনোবা এজনৰ অকাল মৃত্যুৰ ঘটনাৰ লগত আমি মুখামুখি হওঁ। তেনে মৃত্যুৰ গৰাকী যি বয়সৰেই নহওক কিয় আমি সকলোৱে দুখী হওঁ।মৃত্যুক লৈ লিখা লিখনিত কি আছে?মোৰো ভয় হয়।মৃত্যুৰ মাত্ৰেই সকলো শেষ।জীৱন যুঁজত হাঁহি হাঁহি যুঁজিবলৈ সদা প্ৰস্তুত তেওঁৰ কাৰণে জীৱন সদায়েই সুন্দৰ।
আধুনিকতাৰ পৰশ পাই আমি ইমানে নিম্ন পৰ্যায়লৈ নামি আহিছোঁ সেইয়া ভাষাত প্ৰকাশ কৰা অসম্ভৱ।উন্নতমানৰ জীৱন ধাৰাৰ ওচৰত বিলীন হৈ আছে ধৰ্মীয় ৰীতি-নীতি।বিলুপ্ত হৈ আছে মানৱীয়তা।জীৱনৰ আটাইতকৈ ডাঙৰ কামটোয়ে হ'ল আনৰ চকুলোঁ মচিব পৰাটো!আপুনি পাৰিছেনে আনৰ চকুলোৰ অৰ্থ বুজিব?এবাৰ নিজে অনুভৱ কৰক ভাল লাগিব। জীৱনটো কাৰো বাবে সস্তীয়া নহয়।জীয়াই থকাৰ ৰংবোৰ বহু মূল্যৱান!জীৱনটোৰ আচল সুন্দৰতা ক'ত?সুন্দৰ সেইজন ব্যক্তি যি জনে আনৰ বাবে ঈশ্বৰৰ আশীৰ্বাদ কামনা কৰে। সুন্দৰ সেইজন যিজনে আনৰ দুখত দুখী হ'ব পাৰে।সুন্দৰ সেইজন ব্যক্তি যি জনে ভাৱনাবোৰক অনুভৱ বা বুজিব পাৰে। সুন্দৰ সেইজন ব্যক্তি যাৰ অনুভূতিত মৰমৰ বিশাল হৃদয় আছে।সুন্দৰতা আছে সেই হাতত; যি হাতেৰে আনৰ বিপদত হাত আগুৱাই দিব পাৰে।জীৱনটোৱে কাৰো বাবে অপেক্ষা নকৰে। জীয়াই থকা দিন কেইটাত প্ৰতিজনে প্ৰতিজনৰহৈ জীয়াই থাকিব পাৰিলেই যথেষ্ট।এজনে আনজনৰ বাবে কিমান গুৰুত্বপূৰ্ণ সেই কথা অনুভৱ কৰা উচিত। গতিকে জীৱনত সকলোৰে উপস্থিতি কিমান গুৰুত্বপূৰ্ণ বুজিব লাগিব।ধন, টকা ,পইচা যিমানেই নহওঁক কিয়, মানুহৰ টকাৰ অভাৱ ঘটিয়ে থাকিব। টকা পইচাৰে জীৱনটোক কেতিয়াও তুলনা নকৰিব।ধনৰ বিনিময়ত মৃত্যুক কেতিয়াও বাধা দি ৰাখিব নোৱাৰিব।এদিন সকলো এৰি যাবই লাগিব।জীৱনটো এবাৰহে পোৱা যায় গতিকে নিজৰ জীৱনক যিমান গুৰুত্ব দিয়ে আনৰ জীৱনটোক তেনেই গুৰুত্ব দিয়ক তেতিয়া মানৱতা নামৰ বস্তুটো জিলিকি উঠিব আৰু মৃত্যু নামৰ শব্দটো সহজ হৈ পৰিব।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)