আত্মহত্যা-আব্দুল কাদেৰ মিঞা

বৰ্তমান সময়ত আত্মহত্যাৰ প্ৰৱণতা যথেষ্ট বৃদ্ধি পাই আছে।
সদায় বাতৰি কাকত বৈদ্যুতিক মাধ্যম আৰু সামাজিক মাধ্যমত এটা নহয় এটা আত্মহত্যাৰ বাতৰিয়ে মানুহৰ মাজত আতংকৰ সৃষ্টি কৰি ৰাখিছে।
বিশেষকৈ যুৱচামৰ মাজত আত্মহত্যাৰ সংখ্যা বেছি দেখিবলৈ পোৱা যায়।
এটা পৰিসংখ্যা অনুসৰি ১০ ৰ পৰা ২৪ বছৰ বয়সীয়া যুৱ প্ৰজন্মৰ মৃত্যুৰ দ্বিতীয় বৃহৎ কাৰণটোৱেই হৈছে আত্মহত্যা।
এই বয়সৰ যুৱক যুৱতীৰ বেমাৰ‌ হৈ যিমান মানুহৰ মৃত্যু হয় তাতোকৈ অধিক মৃত্যু হয় আত্মহত্যা কৰি। 
চিন্তা কৰক কিমান ভয়ংকৰ হৈছে এনে ঘটনা সমূহ সমাজৰ বাবে।
ইয়াৰ পৰা এটা কথা স্পষ্টকৈ ক'ব পাৰোঁ যে এই বয়সৰ আত্মহত্যা প্ৰায়  সংখ্যকেই ক্ষন্তেক আৱেগৰ বশৱৰ্তী হৈ কৰা এটা ভুল।যি ভুলে নিমিষতে প্ৰাণ কাঢ়ি লয়।
বৰ্ধিত ডিপ্ৰেছন , মানসিক অশান্তি , সংঘাতময় সম্পৰ্ক , সামাজিক মাধ্যম আদি কৰি আত্মহত্যাৰ সকলোতকৈ গুৰুত্বপূৰ্ণ কাৰণটো হ'ল - সহায়ৰ বাবে আগবাঢ়ি নহাটো।
সমস্যাসমুহ মনৰ মাজত ৰাখি প্ৰকাশ নকৰাকৈ বহু যুৱক যুৱতীয়ে ভুল সিদ্ধান্তৰ স্বীকাৰ হয়।
কাৰোবাৰ সহায় লোৱাটো দুৰ্বলতা নহয় বৰং সুস্থ মানসিকতাৰহে পৰিচয় দিয়ে। কিন্তু বৰ্তমান সময়ত এই উপলব্ধিটো বহুতৰে মাজত দেখা পোৱা নাযায়।
প্ৰেমত প্ৰচাৰিত বা বিফল হ'লে বেছি ভাগ মানুহে ডিপ্ৰেছনৰ চিকাৰ হয়।
ডিপ্ৰেছনৰ লগত মোকাবিলা কৰিব নোৱাৰিলেও বহুতে আত্মহত্যাৰ পথ বাচি লয়।
সাংঘাতময় প্ৰেম , বিফলতাৰ প্ৰধান কাৰণ । অবিশ্বাস , ক্ষন্তেকীয়া যৌন সুখ লাভৰ ইচ্ছা , বহুগামী হোৱাৰ মানসিকতা , সুস্থ সম্পৰ্কৰ প্ৰতি সন্মানবোধ নোহোৱা আৰু বিভিন্ন চচিয়েল নেটৱৰ্কৰ ছাইট আৰু নিচেই সহজলভ্য পৰ্ণগ্ৰাফী ছাইট বোৰে আত্মহত্যাৰ কাৰণ হৈ পৰে।
বহু সময়ত দেখা পোৱা যায় প্ৰেমৰ সম্পৰ্ক এটাত থাকিলে প্ৰায় সকলো সময় প্ৰেমিক জনৰ নামতেই জীৱন উচৰ্গা কৰা হয়। ঘণ্টাৰ পিছত ঘণ্টা বাৰ্তালাপ , মেচেজ কৰি দিনটোৰ সৰহভাগ সময় তেওঁৰ লগতে শেষ হৈ থাকে। যাৰ ফলত বন্ধু বান্ধবীৰ সংখ্যা যথেষ্ট পৰিমাণে কমি যায় আৰু সামাজিক জীৱন শূণ্য হৈ পৰে। শেষত যেতিয়া সেই বিশেষ ব্যক্তি জনেই নাইকীয়া হৈ যায় তেতিয়া সকলোবোৰৰ অন্ত হৈ পৰে ফলত একাকীত্বৰ মাজত পাৰ কৰিব লগা হয় জীৱনৰ বহু সময়।
বন্ধুবৰ্গ বা পৰিয়ালৰ সহযোগ নাপাই এনে বহু ব্যক্তিয়ে আত্মহত্যাৰ পথ বাছি লয়।
ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ মতে ৩.২% আত্মহত্যা প্ৰেমজনিত কাৰণত হয়। আৰু ইয়াতকৈ ডাঙৰ কথাটো হ'ল আত্মহত্যাৰ পৰিসংখ্যাত অসমৰ নাম প্ৰথম তাৰ পিছতহে তামিলনাডু আৰু মধ্যপ্ৰদেশ (৪৯৪,৩৮৬,৩৫৫ NCRB১২)।
বৰ্তমান সময়ত অনলাইন গেম সমুহেও বহু যুৱকৰ আত্মহত্যাৰ কাৰণ হৈ পৰিছে। এই ক্ষেত্ৰত অভিভাৱক আৰু প্ৰশাসনে গুৰুত্ব দিয়া উচিত। 
দেশত চলা ব্যপক দুৰ্নীতি , মহামাৰী , ভ্ৰষ্টাচাৰ পৰিপ্ৰেক্ষিতত দেখা দিয়া দৰিদ্ৰতাৰ ফলতো বৰ্তমান হাজাৰ হাজাৰ কৃষকে আত্মহত্যা কৰিবলৈ বাধ্য হৈছে।
বছৰ বছৰ ধৰি ঋণৰ বোজাই কোঙা কৰা দৰিদ্ৰ লোকেও আজি ডিপ্ৰেছনৰ স্বীকাৰ হৈ আত্মহত্যাৰ দৰে পথ বাছি ল'ব লগা হৈছে।
বহু সময়ত নিজৰ জীৱনতকৈ আনৰ জীৱনক বেছি গুৰুত্ব প্ৰদান কৰাৰ ফলত বিপদৰ সময়ত নিজৰ লগত মোকাবিলা কৰিব নোৱাৰি বহুতেই আত্মহত্যাৰ পথ বাছি ল'বলৈ বাধ্য হয়।
বৰ্ধিত প্ৰেমজনিত মানসিক অসুবিধা আৰু আত্মহত্যাৰ আন এটা প্ৰধান কাৰণ হ'ল " WRONG JUDGEMENT OF SOCIETY" এজনী ছোৱালীৰ যিটো ইমেজ সমাজে পৰিশীলতা বা সন্মানৰ  নামত যিবোৰ নিয়ম সমাজে বান্ধি দিছে  সেইবোৰেই আত্মহত্যাৰ অৰিহণা যোগায়।
বৰ্তমান সময়ত  প্ৰেমত যৌনতা এটা সাধাৰণ কথা। মুকলিকৈ নকʼলেও বেছিভাগ প্ৰেমৰ সম্পৰ্কত যৌনতা থাকেই। কিন্তু যৌন সম্পৰ্ক হোৱা অতিবাহিত ছোৱালী এজনীৰ প্ৰতি সমাজৰ যি দৃষ্টিভংগী তাক সহ্য কৰিব নোৱাৰিও বহু ছোৱালীয়ে আত্মহত্যাৰ পথ বাছি লয়।
সাধাৰণতে পাৰিবাৰিক কাজিয়াৰ  ফলতো ঘৰখনত অশান্তিৰ সৃষ্টি হয়।ঘৰৰ সদস্যৰ লগত অমিল , মানসিক অশান্তি সহ্য কৰিব নোৱাৰি বহুতে আত্মহত্যাৰ কৰিবলৈ বাধ্য হয়। ইয়াৰ পৰা পৰিত্ৰাণ কেনেকৈ পাব?
পৰিত্ৰাণ পাবলৈ ধৈৰ্য , সাহস আৰু মনোবল থাকিব লাগিব অন্যথা ঘৰৰ পৰা কিছু দিন আঁতৰি থাকিব। তেতিয়া নিজে নিজে এটা ভাল পৰিৱেশ আৰম্ভ হোৱা দেখা পাব আৰু এসময়ত হৈ পৰিব এখন সুখময় জীৱন।
কেতিয়াবা আকৌ অকৃতকাৰ্য্যতাৰ বাবেও বহুজনৰ জীৱনলৈ নামি আহে নানা সমস্যা যেনে- কৰ্মৰ ক্ষেত্ৰত অসফলতা , সামাজিক লজ্জা , শিক্ষাত অসফলতা আদিৰ কাৰণেও বহুতে আত্মহত্যাৰ পথ বাছি ল'বলৈ বাধ্য হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদন অনুসৰি প্ৰতি ৪০ চেকেণ্ডত বিশ্বত এজন ব্যক্তিয়ে আত্মহত্যাৰ পথ বাছি লয়।
গোটেই পৃথিৱীতে প্ৰতি বছৰ প্ৰায় ৮.০০.০০০ লক্ষ্য মানুহ আত্মহত্যাৰ পথ বাছি লয় যত ভাৰতীয় মানুহৰ সংখ্যা প্ৰায় ১.৩৬.০০০ হাজাৰ।
ভাৰতীয় জাতীয় ক্ৰাইমবোৰো পৰিসংখ্যাৰ মতে ২০১৪ চনত প্ৰতি ঘণ্টায় ভাৰতৰ আত্মহত্যাৰ সংখ্যা আছিল ১৫ জন । এই সংখ্যা ক্ৰমেই বৃদ্ধি হ'ব ধৰিছে।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ মানসিক ৰোগ বিভাগৰ অধ্যাপক ডা: সুৰেশ চক্ৰৱৰ্তীয়ে ৰাজহুৱা বক্তৃতানুষ্ঠানৰ ভাষনত কয় ভাৰতত প্ৰতি আধা ঘন্টাত এজন কিশোৰে আত্মহত্যাৰ চেষ্টা চলায়।
আধুনিকতাৰ ওচৰত আজি কোনো সমস্যা সমাধান নোহোৱালৈকে থকা নাই। সমস্যা আছে মানেই সমাধানো আছে। কিন্তু মানৱ সমাজ ইমান উন্নত হোৱাৰ পিছতো আত্মহত্যা ৰোধ কৰিবলৈ কোনো স্থায়ী ব্যৱহাৰ লোৱা নাই।
তাহানিৰ পৰাই মানুহে আত্মহত্যাৰ বিৰোধ কৰি আহিছে যদিও ইয়াৰ সঠিক পথ বিচাৰি পোৱা নাই । আত্মহত্যা ক্ষেত্ৰত
ধৰ্মীয় দৃষ্টিকোণৰ পৰা লক্ষ্য কৰিলে দেখা পোৱা যায় এক সুন্দৰ পদক্ষেপ। ইছলাম ধৰ্মৰ পৰা আৰম্ভ কৰি খ্ৰীষ্টান ধৰ্ম আৰু হিন্দু সনাতনী ধৰ্মত আত্মহত্যাক মহাপাপ বুলি গণ্য কৰা হয়।
ধৰ্ম গুৰুৱে সকলো কৈছে জীৱন দান কৰিছে ভগৱানে। আৰু এই জীৱন কাঢ়ি লোৱাৰ অধিকাৰ একমাত্ৰ ভগৱানৰ হে ।
মানুহৰ কোনো অধিকাৰ নাই আত্মহৰণৰ ক্ষেত্ৰত।
জীৱন সুন্দৰ , মধুময় । জীৱনৰ সকলোবোৰ দুখৰ অন্তত অহা সুখৰ অনুভূতি অনন্য। দীঘলীয়া জীৱন কিন্তু কোনো ধৰণৰ দুখেই দীৰ্ঘস্থায়ী নহয়।
জীৱনলৈ যিমানেই দুৰ্যোগ নাহক কিয় সকলো খন্তেকীয়া , কেৱল আমি ধৈৰ্য্য আৰু সাহসেৰে এই সমস্যাবোৰৰ সম্মুখীন হ'বলৈ নিজকে প্ৰস্তুত কৰিব লাগে।
আত্মহত্যাৰ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগৰ উপৰিও সমাজ কল্যাণ বিভাগ , শিক্ষা বিভাগ , আঁচনি প্ৰস্তুত কৰোঁতা , প্ৰশাসন , আৰক্ষী আদি বিভাগৰ সামগ্ৰিক প্ৰচেষ্টাৰ প্ৰয়োজন। আত্মহত্যা প্ৰতিৰোধৰ প্ৰণালীবদ্ধ ব্যৱস্থাৰ বাবে ৰাষ্ট্ৰীয় আত্মহত্যা প্ৰতিৰোধ আঁচনি এখনৰ নিতান্তই প্ৰয়োজন।

◾আব্দুল কাদেৰ মিঞা 
( দ: শালমাৰা মানকাচাৰ)

Post a Comment

Previous Post Next Post