কালসাপ- গীতালী বৰা

©Admin
0
কালসাপৰ দৰে সজোৰে মেৰিয়াই ধৰিছে ডিঙিটোত।
সত্যবাদী মনটো লাহে লাহে এফালৰ পৰা কোঙা
হৈ আহিছে।
ভ্ৰষ্টাচাৰ বুলি দাবী তুলিলেই যেন পলকতে শৰীৰটোক ঠেলি দিব মৃত্যু মুখলৈ।
সেই মৃতদেহটোক লৈও ৰাজনীতি কৰা হ'ব।
বিপ্লৱী মানুহজনক মহান আখ্যা দি সামৰা হ'ব 
ভ্ৰষ্টাচাৰৰ অধ্যায়টো।
জনতাই এই সকলোবোৰ মাথোঁ চাই ৰ'ব 
চকু মুদা কুলিৰ দৰে।
দূৰণিৰ কোনোবা ৰাজপ্ৰাসাদত বজা বিজয়ৰ গীতে ঈষৎ হাঁহি মাৰিব
জনতালৈ চাই।
এনেদৰেই কালসাপ ৰূপী ভ্ৰষ্টাচাৰে এদিন গিলি পেলাব সত্যবাদীৰ ইতিহাস।

        
✍️গীতালী বৰা,যোৰহাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)