জয় জোৱান,জয় কিষান, জয় বিজ্ঞান, জয় অনুসন্ধান-অম্লান জ‍্যোতি কোঁছ

Rinku Rajowar
0
১৫ আগষ্ট ২০২২ লালকিল্লাৰ পৰা মাননীয়  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নতুন শ্লোগান দিয়ে,--জয় জোৱান,জয়  কিষান ,জয় বিজ্ঞান, জয় অনুসন্ধান।অৰ্থাৎ Recharge শব্দটো নতুনকৈ যোগ কৰা হৈছে।লালকিল্লাৰ পৰা  প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীয়ে কৈছে যে,--আজি সময় আহি পৰিছে।মই আমি, সকলো সংকল্পবদ্ধ হৈ নতুন দিশত খোজ দিবলৈ।মাননীয় পূৰ্ব প্ৰধান মন্ত্ৰী, লাল বাহাদুৰ শাস্ত্ৰী ডাঙৰীয়াই জয় জোৱান, জয় কিষান শ্লোগান দিছিল।মাননীয় প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই বিজ্ঞান শব্দটো নতুনকৈ যোগ কৰে আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কয় যে, এতিয়া সময় আহিছে আমি অনুসন্ধান শব্দটো যোগ কৰো। Fnnovation আৰু নতুন পৰিকল্পনা লগতে দেশখন আগবঢ়াই লৈ যোৱাটো আমাৰ দায়িত্ব।মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লালকিল্লাৰ পৰাই জনসাধাৰণক সম্বোধি কৈছে যে, অমৃত মহোৎসৱৰ সময়ত দেশবাসীয়ে এই পণ লোৱা উচিত যে, ৭৫ বছৰ আমাৰ বাবে অত‍্যন্ত মহত্বপূৰ্ণ।আৰু ৫ টা পৰ্ণ আমি ল'ব লাগিব।
১/ এতিয়াৰ পৰা দেশ বৃহৎ সংকল্প লৈ চলিব।বিকশিত ভাৰতক সংকল্পবোধেৰে আগুৱাই লৈ যাব লাগিব।
২/ ভাৰতৰ কোনো কোণত আমাৰ মনৰ ভিতৰত গোলামীৰ এক অংশও থাকিব নালাগিব।আমি ইয়াৰ পৰা মুক্তি পাব লাগিব।
৩/ দেশবাসীয়ে দেশৰ বিকাশৰ সম্পত্তিৰ ওপৰত গৰ্ব অনুভৱ কৰিব পাৰিব লাগিব।
৪/দেশত একতাৰ ৰক্ষাৰ ক্ষেত্ৰত সম্পূৰ্ণ সমৰ্থন দিব লাগিব।
৫/প্ৰত‍্যেক নাগৰিক এটাৰ এটাই কৰ্তব্য আছেআৰু ইয়াৰ পৰিধিৰ পৰা PM  আৰু Cm ও বাহিৰ হ'ব নোৱাৰিব।

◾অম্লান জ‍্যোতি কোঁছ।
ধেমাজি (মাছখোৱা)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)