স্তৱক -ৰাহুল চেতিয়া

তিক্ত হিয়া মোৰ
বিয়াকুল হৃদয়,
পল অনুপল
কৰি পাৰ হৈ
গৈছে সময়বোৰ।
নাজানো কেনেকৈ
বুজাব পাৰোঁ
মোৰ মনৰ বেথা
ভগ্ন মোৰ 
উৰুখা পঁজা..….
উৱলি গৈছে
হৃদয়ৰ আৱৰণ বোৰ,
জঁহি-খঁহি 
শেষ হৈছে
মোৰ কোমল বুকুখন
মাথোঁ জীয়াই আছে
নগ্ন মোৰ আত্মাটো..…।

           ✍️ৰাহুল চেতিয়া
নিলখপুৰ চিলাপথাৰ ধেমাজি

Post a Comment

Previous Post Next Post