তুমি মোৰ প্ৰথম- আকাশ কুমাৰ মেধী

তোমাক আপোন কৰিব পৰা নাই 
সপোনো সমাধি হোৱা নাই,
মোৰ পৰা যদিও আছা দূৰত
তোমাৰ বাবে মৰম থাকিব সদায়।। 
মোৰ জীৱনৰ প্ৰথম প্ৰেৰণা 
প্ৰথম সাহসেই তুমি, 
মোৰ প্ৰেমৰ প্ৰথম প্ৰভাতী 
প্ৰথম পোহৰেই তুমি।। 
হাজাৰ ধুমুহাই নুমুৱাব খোজে 
বুকুত প্ৰেমৰ চাকিটি,
অযুত মৰমেৰে সাবটি ৰাখিছোঁ 
মনত ৰাখিবা কথাটি।। 
মোৰ প্ৰাণৰ প্ৰথম প্ৰণয়
প্ৰথম প্ৰাৰ্থনা তুমি, 
মোৰ জীৱনৰ প্ৰথম আশা 
প্ৰথম ভৰষা তুমি।। 
সফল-বিফলৰ ভাব নাই মনত
সদায় থাকিবা তুমি প্ৰাণত,
সুৰেৰে হওক বা শব্দৰে হওক 
থাকিবা তুমিয়ে প্ৰতিটো কবিতা আৰু গানত।। 
মোৰ কবিতাৰ প্ৰথম চানেকী 
প্ৰথম ছন্দ তুমি, 
মোৰ জীৱনৰ প্ৰথম সুবাসৰ
প্ৰথম শাৰদী ৰাণী।। 
তুমি মোৰ হোৱা-নোহোৱা
তাক ভাবি নকৰোঁ সময় নষ্ট, 
তুমি যে মোৰ মাথোঁ মোৰ 
তাকেই ভাবি সদায় ব্যস্ত।। 
মোৰ জীৱনৰ প্ৰথম বুকুৰ যাতনাৰ 
প্ৰথম অনুভৱ তুমি,
মোৰ জীৱনৰ প্ৰথম চকুলো 
প্ৰথমটি হাঁহিয়ে তুমি।। 
শৰীৰৰ মাজত শিৰাই শিৰাই 
আছে যি খনি তেজৰ নৈ,
তোমালৈ থকা মৰমবোৰ 
তাৰেই সোঁতত আছে বৈ।। 
মোৰ জীৱনৰ প্ৰথম পুৱতিৰ
প্ৰথম শেৱালিৰ কোমল সুবাস তুমি,
মোৰ জীৱনৰ প্ৰথম উশাহত 
শেষৰটি নিশাহত থাকিবা মাথোঁ তুমি।।

Post a Comment

Previous Post Next Post