আত্মসমালোচনা আৰু আমাৰ প্ৰাপ্তি-কল্পনা বৰা

©Admin
0
“আত্মসমালোচনা” শব্দটোতেই যেন বিচাৰি পোৱা যায় এক গাম্ভীৰ্য্যতাৰ সুৰ। “আত্মসমালোচনা” প্ৰত্যেক মানুহৰ জীৱনৰে এক বিৰল গুণ। যাৰ মনত আত্মসমালোচনাই ঠাই পাইছে তেওঁ তেওঁৰ প্ৰতিটো খোজতে এখোজ হʼলেও যে আগলৈ আগবাঢ়ি যাব পাৰিছে সেইটো নিশ্চিত। আচলতে কি হয় জানে, আমি কেতিয়াও নিজক সমালোচনা কৰি চোৱা নাই বা নিজক নিজে সমালোচনা কৰাৰ প্ৰয়োজন অনুভৱেই নকৰোঁ। আমাৰ মনত কেতিয়াও এনে চিন্তা উত্থাপন নহয়েই , কাৰণ আমি নিজেই জানো যে আমি কৰা প্ৰতিটো কামেই শুদ্ধ বা নিজে যিটো শুদ্ধ বুলি ভাৱো সেইটোহে কৰোঁ।  আনকি যিসকল লোকে আমাক সমালোচনা কৰে সেইসকলৰ পৰাও সদায় পলায়েই থাকোঁ বা তেওঁৰ প্ৰতি ভাল মনোভাৱ নোহোৱা হয় আৰু তেওঁক এৰাই চলোঁ কাৰণ মই জানো যে তেওঁ মোৰ বেয়াটোৱেই দেখা পাব আৰু মনে মনে কওঁ 'এইজনে অকল মোৰ দোষটোৱেই দেখা পায়।' আচলতে তেনে লোকসকলে নিজৰ সময় অপব্যয় কৰি আমাৰ দোষবোৰ চাবলৈ চেষ্টা কৰে যদিও তাৰ জৰিয়তে আমাৰহে উপকাৰ কৰে। কিন্তু আমি আচলতে কথাবোৰ নেতিবাচক দৃষ্টিভংগীৰে চাওঁ। মোৰ নিজৰ মতে মোৰ সকলোবোৰেই শুদ্ধ আৰু যদি মই ভুল কৰিছোঁ তেন্তে সেইটো মোৰ কথা তেওঁ মাত মতাৰ কি প্ৰয়োজন বা দোষবোৰ বিচাৰি ফুৰাৰ প্ৰয়োজন কি ? -- আমাৰ মনোভাৱবোৰ আচলতে এনেকুৱা।
 লাগিলে সেই ব্যক্তিজনে মোৰ প্ৰতিটো খোজতে ভুলেই নেদেখক কিয় বা মই মোৰ তাত অলপো ভুল নাথাককেই কিয় ; আমি যদি তেওঁ কোৱাৰ দৰে নিজে কৰা কামটো আকৌ এবাৰ চালি জাৰি চাওঁ, তেন্তে নিশ্চয় আমাৰ কোনো অনিষ্ট নহয় , বৰং উপকাৰহে হʼব। সেই কামটোত আৰু অলপ বেছি সফলতা লভিব পাৰিম বা আৰু ভালকৈ কৰিব পাৰিম। 
মই নিজে যি কৰিছোঁ সেইটো মই জানো হয়, কিন্তু মোৰ ভুলবোৰ আনেহে দেখা পাব, মই নিজে কেতিয়াও দেখা নাপাওঁ।
 সাহিত্য সমালোচক সকলো আমাৰ বাবে বহুত পৰোপকাৰী। তেওঁলোকে নিজ বিচাৰ বিবেচনাৰে ভুল শুদ্ধ সকলো যুক্তিসংগতভাৱে দাঙি ধৰে। সেইটো সময়ৰ সমাজ ব্যৱস্থাৰ দৃষ্টিৰে অন্য এজন লেখকৰ সাহিত্য কৃতি সমালোচনাত্মক দৃষ্টিৰে চাই লেখকজনৰ বহুত বহুত উপকাৰ কৰে। এনে ক্ষেত্ৰত লেখকগৰাকীৰো উপকাৰ হোৱাতো নিশ্চিত। কিন্তু আমি কথাবোৰ ইতিবাচক দৃষ্টিভংগীৰে চাব লাগিব।
 
            এতিয়া আহিছোঁ মূল কথালৈ। আচলতে, আমাক নিজতকৈ কোনেও বেছি ভালদৰে বুজিব নোৱাৰে।লাগিলে আন কোনোবাই আমাক বহুত ভালকৈয়ে বুজি পাওঁক কিয়। মোৰ প্ৰতিটো কথাই কেৱল মইহে জানো। আনৰ লগত কথাবোৰ ভাগ-বতৰা কৰিলেও কেতিয়াও আমি সকলোবোৰ কথা নকওঁ বা কʼব নোৱাৰোঁ। যেনেকৈ মা দেউতাই প্ৰতিটো সময়তে আমাক চকুৰ আগত ৰাখে বা প্ৰতিটো কথাৰে বুজ লয় আৰু আমিও সকলো কথায়ে কওঁ। কিন্তু আমি জানো প্ৰতিটো কথাই কʼব পাৰোঁ ? কিছুমান কথাতো কাকো  নোকোৱাকৈয়ে থাকি যায় আৰু সেইটো কেৱল মই নিজেহে জানো। মা-দেউতাই সকলো কথাৰ খবৰ ৰাখিলেও মোতকৈ বেছি ভালদৰে মা দেউতাই কেতিয়াও জানিব নোৱাৰে। কিবা কাম কৰিলেও মা দেউতাক জনোৱা হয় সঁচা, কিন্তু কিছুমান কাম মা দেউতাই গালি পৰাৰ ভয়ত বহুতৰ বাবে তেনেকৈয়ে থাকি যায় আৰু সেইটো কেৱল নিজেহে গম পোৱা যায়। সেয়ে কʼব পাৰোঁ নিজতকৈ বেছি ভালদৰে আপোনাক কোনেও জানিব, বুজিব নোৱাৰে।
'আত্মসমালোচনা' বিষয়টোৱে এইখিনিতেই বেছি গুৰুত্ব লাভ কৰে। মই যদি‌ নিজক নিজে সমালোচনা কৰি চাওঁ তেন্তে নিশ্চয় আমাৰ কোনো ক্ষতি নহয় , বৰং নিজক নিজে আৰু ভালদৰে বুজি উঠিম। জীৱন মাৰ্গত আৰু এখোজ আগুৱাব পাৰিম; ভুলবোৰো শুধৰাই লʼব পাৰিম। নিজক নিজে সমালোচনা কৰাটো এটি অতি বৃহৎ গুণ। ইয়াৰ জৰিয়তে উন্নতিৰ জখলাত আগবাঢ়ি গৈহে থাকিব পাৰি। যি ব্যক্তিয়ে নিজক নিজে সমালোচনা কৰিছে, সেইসকলে কেতিয়াও জীৱন পথত থমকিব লগা হোৱা নাই। কিয়নো নিজৰ বাহিৰে নিজক জনাটো আনৰ বাবে সম্ভৱপৰ নহয়। আমি কেৱল আমাৰ শুদ্ধবোৰহে দেখা পাই আহিছোঁ । ভুলবোৰ কেতিয়াও দ্ৰষ্টব্য হোৱা নাই। নিজক সমালোচনা কৰিলে নিজৰ ভুলবোৰো দৃষ্টিগোচৰ হয় আৰু এখোজ আগবাঢ়িহে যাব পাৰি।


*কল্পনা বৰা , গোলাঘাট জিলা*

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)