এবাৰ উভতি চোৱা;
এবাৰ তুমাৰ কাঁইটীয়া শৰীৰ
হেলনীয়াকৈ উন্মোচিত কৰা ।
এয়া এখন হাতত পৃথিৱী,
আনখনত উতপ্ত তৰোৱাল ।
এতিয়াও সজীৱ সেই গান
মাথোঁ মুক্তি বিচাৰে কণ্ঠই ,
সন্মুখত মনিব নোৱাৰা
এক ধোৱাময় ছবি
অন্যমনস্কতাত ফালি-ছিঙি শেষ হোৱা ।
সিক্ত পুৱাৰ প্ৰেম ,
তুমাৰ হাতৰ সুধা,
বুকুভৰা উশাহৰ ধ্বনি,
তুমি জানোঁ হেৰুৱাব বিছৰা
সময়--------------
সময়ে আহি নিজে হাত ধৰি লৈ যাব,
সতৃষ্ণ পুৱাত ।।
■মাৰ্জিনা বেগম
বৰপেটা ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ