২৩ আগষ্ট - ইতিহাসৰ পাতত আজিৰ দিনটো

Rinku Rajowar
0
▶️১৮৬৬ চনৰ আজিৰ দিনটোতে - প্ৰাগত অষ্ট্ৰিয়া আৰু প্ৰুছিয়া মাজত শান্তি চুক্তি স্বাক্ষৰিত হয়। ইতিহাসত এই চুক্তি প্ৰাগ চুক্তি নামেৰে জনাজাত।
▶️১৯৪২ চনৰ আজিৰ দিনটোতে- ষ্টেলিনগ্ৰাডৰ যুদ্ধ আৰম্ভ হয়। 'চিক্স জিৰ' জিৰ' লুফ্টৱাফ' বিমানৰ দ্বাৰা বোমাবৰ্ষণ কৰাত ৰাছিয়াৰ ষ্টেলিনগ্ৰাডত ৪০,০০০ সাধাৰণ লোকৰ মৃত্যু হয়।
▶️১৯৪৮ চনৰ আজিৰ দিনটোতে- বিশ্ব গীৰ্জা পৰিষদ গঠন হৈছিল।
▶️১৯৫৯ চনৰ আজিৰ দিনটোতে- চন্দ্ৰেশ্বৰ প্ৰসাদ সিনহাই অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে। ১৯৫৯ চনৰ ১৩ অক্টোবৰলৈকে তেওঁ কাৰ্যিনৰ্বাহ কৰিছিল।
▶️১৯৯১ চনৰ আজিৰ দিনটোতে- ছোভিয়েট কমিউনিষ্ট পাৰ্টীৰ কেন্দ্ৰীয় সমিতিৰ আঠসত্তৰ বছৰীয়া মুখপত্ৰ ‘‘প্ৰাভডা’’ কেৱল কমিউনিষ্ট পাৰ্টীৰ ৰাজনৈতিক পত্ৰিকা ৰূপে প্ৰকাশিত হয়।
▶️২০০৫ চনৰ আজিৰ দিনটোতে- মহাত্মা গান্ধী নিয়োগ নিশ্চিত আইন - ২০০৫ ( Mahatma Gandhi Employment Guarantee Act 2005) লোকসভাত অনুমোদন হয়, পিছত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি (MGNREGS) হিচাপে নামকৰণ কৰা হয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)