তোমাৰ প্ৰেমত পৰিলোঁ-দিপশিখা ৰাজকোঁৱৰ

Rinku Rajowar
0
অজানিতেই মোৰ কণমানি হিয়াখন তোমাক দিছিলোঁ
যদিও তুমি অচিনাকি আছিলা।
লাহে লাহে তুমি মোৰ
নিচেই আপোন হৈ পৰিলা।
তোমাৰ অবিহনে মই
এক্ষন্তেকো থাকিব নিবিচাৰোঁ
প্ৰতি পুৱা আৰু গধূলি
তোমাকেই সৃষ্টি কৰিব বিচাৰোঁ।
মোৰ বহীৰ উকা পৃষ্ঠাত
নীলা কলমৰ চিয়াঁহীৰে।
জানা তোমাক মই
বহুত নাম দিব বিচাৰোঁ
কবিতা, গল্প, প্ৰবন্ধ, ইত্যাদি
তোমাৰ বাৰু ভাল লাগেনে
মই মৰমত দিয়া নামবোৰ।
সচাঁকৈ তোমাৰ প্ৰেমত পৰিলোঁ
মোৰ অভিমানী মনত
তুমি নিগাজিকৈ থিতাপি ললা
অনবৰত গুঞ্জৰিত হৈ থাকে
মনত মাথোঁ শব্দ......
সেইবাবেইতো তোমাৰ প্ৰেমত পৰিলোঁ।

◾দিপশিখা ৰাজকোঁৱৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)