হৃদয় ভঙ্গ- চিন্ময় বৰা

কেতিয়াবা ভাবোঁ!
মোৰ সুখৰ চহৰত
পুনৰ নহওঁক প্ৰেমৰ আপাত বৃষ্টি।
দুচকুৰ আগত কাৰোবাৰ চকু মিলি
সৃষ্টি নহওঁক! হৃদয়ত প্ৰেম-প্ৰীতি। 
মানুহবোৰ চোন এতিয়া ভয়ংকৰ, 
বুকুত কি শিল লৈ ঘূৰি-ফুৰে নাজানো!
ষড়যন্ত্রৰ খেলুৱৈ তাত দেখিও নেদেখাৰ দৰে!
এতিয়া সচাঁ প্ৰেম মাথোঁ মৰীচিকাৰ দৰে!
উশাহত সভ্যতা থাকিলেও 
নিশাহত ঘৃণা নিগৰে,
চেহেৰাত ভালপোৱা থাকিলেও ভিতৰি বিদ্বেষ বাগৰে,
এতিয়া মুখা পিন্ধা মানুহে 
প্ৰেমৰ মুখা পিন্ধে।
আনৰ হৃদয় ভাঙি তৃপ্তি লগে, 
সেয়ে বিচাৰোঁ আৰু নহওঁক 
মোৰ চহৰত
প্ৰেমৰ আপাত বৃষ্টি!
নালাগে মোক কুটিল হৃদয়ৰ
বিষম প্ৰীতি।।

Post a Comment

Previous Post Next Post