শালকাটি হাজী চুলতান আলি জাতীয় বিদ্যালয়ৰ শেষ দিনটো-আমিৰ হামজা

--ৰোল নং 4
--ইয়েচ ছাৰ
--ৰোল নম্বৰ 5
--ইয়েচ ছাৰ

আৰু এদিন বন্ধ হৈ গৈছিল শেষ বাৰৰ বাবে হাজিৰা বহীখন। এতিয়া হয়টো বিদ্যালয়ৰ কোনো এটা কোণত পৰি আছে । ইমানদিন ধৰি ধূলিৰে ভৰি পৰি লেতেৰা হৈ যোৱা পুৰণি হাজিৰা বহীখনত এতিয়াও জমা হৈ আছে আমাৰ স্কুলীয়া জীৱনৰ ২ বছৰৰ মায়াজালত আবদ্ধ প্রিয় মানুহবোৰৰ নাম আৰু এনেকৈ সাক্ষী হৈ থাকিব স্কুল জীৱনত কটোৱা প্রত্যেকটো দিনৰ খবৰবোৰ।

ইচ্ছা কৰিলেও আৰু আমি উভতি নাপাওঁ সেই দিনবোৰ। উভতি নাপাওঁ সেই প্ৰিয় মানুহবোৰ। আৰু হয়তো কোনোদিনে কোৱা নহʼব ছাৰ বাইদেউ বা আচাৰ্য্য আচাৰ্য্যাক দিয়া বিভিন্ন মজাৰ নামবোৰ। আৰু নামবোৰকো সেই একেই মিচ্ কৰি ফুৰো। অভাৱ অনুভৱ কৰোঁ পাৰ হৈ অহা স্কুল লাইফটোক। খুব ইচ্ছা হয় এবাৰ আকৌ হাল্লা হুলস্থূল কৰি একেলগে আমিবোৰে এটা ক্লাছ কৰিম। কিন্তু নহয়। কিয়নো মুহুৰ্তবোৰ কেতিয়াওঁ উভতিয়েই নাহে।

                       ✍️ আমিৰ হামজা ।
                                ধিং,নগাওঁ(অসম)

Post a Comment

Previous Post Next Post