প্ৰেমৰ অনুভৱ-প্ৰিয়ংকা বৰা

Rinku Rajowar
0
আবেলিৰ বেলি লহিওৱাৰ পৰত,
তুমি ৰৈ আছিলা নৈখনৰ সিটো পাৰত।
অস্ত যাব খোজা বেলিটিৰ
হেঙুলীয়া আভাই তোমাৰ বগা চাৰ্টটো,
ৰঙীন কৰি তুলিছিল।
পশ্চিমত মাৰ যাব ধৰা বেলিটিৰ প্ৰতিচ্ছবি,
জিলিকি উঠিছিল নৈখনৰ নিৰ্মল পানীত।
নৈৰ পাৰৰ নিজান আবেলিটোত
তুমি আৰু মই একেলগে বহি
মনৰ কথা পাতিছিলো,
তুমি বজোৱা বাঁহীৰ সুৰ শুনি
তোমাৰ বাউসীত মূৰ পেলাই
দুবাহুত শুই পৰিছিলো।
নৈপৰীয়া চেঁচা বতাহজাকে
মোৰ মেলি থোৱা চুলিকোচা উৰুৱাই নিছিল,
তোমাৰ ৰঙীন মুখখনলৈ আৰু তুমি.....
তুমি মোৰ চুলিকেইডাল
মোৰ কাণৰ কাষলৈ ঠেলি দিছিলা,
তোমাৰ কোমল লিহিৰি আঙুলিৰ পৰশত
মোৰ বুকুখন কঁপি উঠিছিল,
কিবা এক বুজাব নোৱাৰা অনুভৱে
হেঁচা মাৰি ধৰিছিল।
এয়াই আছিল ছাগে প্ৰেমৰ অনুভূতি।
প্ৰথমবাৰৰ বাবে অনুভৱ কৰিছিলোঁ,
প্ৰেম কি..? প্ৰেমৰ সংজ্ঞা কি..?
                            
◾প্ৰিয়ংকা বৰা  (যোৰহাট, চেনিজান)
           কাকজান মহাবিদ্যালয়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)