মোৰ নিথৰুৱা হৃদয়ৰ
ভাগৰুৱা মনৰ ,
অক্লান্ত সময় এটি যেন
জীয়া কাহিনী।
স্বপ্নৰ মায়াৰে জীৱনৰ ভেঁটি ভাঙি
হৃদয়ৰ স্পন্দন চুই যোৱা
যেন এটি গীতৰ কলি তুমি,
মোৰ উকা কেনভাচৰ বগা আৱৰণত
ৰঙা ৰঙৰ চিয়াঁহী ভৰাই
এখন ছবি আঁকিবলৈ দিবানে তুমি?
আজীৱন সজাই ৰাখিম মোৰ উকা
হৃদয়ৰ মাজত সযতনে, আলফুলে।
পুৱাৰ সুৰুযৰ কিৰণেও তেওঁৰ বাতৰি আনে
জিলিকাই মনৰ ভাব
ক'ত লুকাই থাকা তুমি
বিচাৰি আছোঁ মই
মোৰ হৃদয়ৰ মাজৰ প্ৰতিচ্ছবি
মোৰ হৃদয়ৰ মাজৰ প্ৰতিচ্ছবি।।
নালাগে লিখিব জীৱন কাহিনী
নিবিচাৰোঁ অলেখ তৰাৰ জিলিকণি
সোণৰ জগতখনি ,
মাথোঁ বিচাৰো এটি সঁহাৰি
মাথোঁ বিচাৰো এটি সঁহাৰি ।
✍️ভাৰ্গব জ্যোতি দাস
মৰিগাঁও,অসম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ