ৰোগাক্ৰান্ত
কেঁকাই-গেঁথাই
দিন যায়, ৰাতি নুপুৱাই
দেশখন -শুকাই-খীণাই মৰি যোৱাৰ উপক্রম।
উৰি থকা পতাকা খন তেজ ৰঙা
শত শ্বহীদৰ উশাহৰ বন্তি
বুকুত খৰমৰাই থকা
জীয়া স্বাধীনতাৰ সপোনৰ নিচান ।
আজিও কঁপি আছে থৰ থৰকৈ
হাজাৰ মাতৃৰ হিয়া
সীমান্তত বুকুপাতি ৰৈ থকা সৈনিক পুত্রৰ
প্রাণৰ মমতাত
শত শ্বহীদৰ ত্যাগক
ভৰিৰে মুহাৰি
পতাল -গজালি বোৰে
সংগোপনে এপিনৰ পৰা
থানবান কৰিছে আমাৰ
নিৰীহ দেশখন।
হে ,সত্যৰ পূজাৰী বাপুজি
তোমাৰ অবিহনে যেন ভাৰতৰ মেৰুদণ্ড
দুৰ্বল নিশকতীয়া
তুমি আহিলেই
ভাৰত ভূমিত আকৌ হালিব-জালিব
সেউজীয়া শইচৰ থোক
আকৌ হৃদয়ে হৃদয়ে শিপাব
অহিংসা পৰম ধৰ্ম
অন্ধ জনতাই পাব জ্ঞানৰ চকু
আকৌ উৰিব আকাশত
শান্তি প্রগতিৰ নিচান।।
◾নিতুমনি দাস,ঢকুৱাখনা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ