ভাৱনাৰ যাত্ৰা-সম্ৰাট সাহা

বহাগী আজি ২০ মিনিট পলম কৈ সোমাল, মনত অস্থিৰতাই বিৰাজ কৰি আছে আৰু এক অনামী খঙো। অবশ্যে নাথাকিব‌ও বা কিয় ? ইমান পুৱা তে উঠি ঠাণ্ডাৰ মাজত গা ধুই তৈয়াৰ হৈ পিছে যদি এনেদৰে বহি থাকিব লাগে। "ওই ওই ট্ৰেন সোমাল "আন যাত্ৰী বোৰে চিঞৰি উঠিল। উফ আহিল তেনেহলে! ৰতন ঠেলা হেঁচা কৰি ট্ৰেনত উঠিলে।
আৰে ভাই এখন ছীটো নাই, আজি দিনটোৱে বেয়া প্ৰথমে ট্ৰেইন লেট আৰু এতিয়া বহাৰো ঠাই নাই। এক কাম কৰোঁ ওপৰতে গৈ বহো। ওপৰত গৈ বহিলে ৰতনে। ওপৰৰ পৰা দেখা পালে দুজন কোমল বয়সীয়া ল'ৰা আৰু ছোৱালী তেওঁলোকৰ ভাৱ ভংগিমাৰ সহায়ত বুজাই গৈ আছিলে যে নব যৌবনৰ নব ঋতুৰ আগমনত দুয়োজনেই হয়তো প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছে । হাঁহি আহিল ৰতনৰ , খুব সুক্ষ্ম স্বৰৰে উচ্চাৰণ কৰিলে প্ৰেম! প্ৰেম! প্ৰেমৰ পৰশ তো মইও লাভ কৰিছিলো কিন্তু থাকিল জানো? ভাবিব আৰম্ভ কৰিলে কেতিয়াও তাৰ উত্তৰ বিচাৰি পোৱা নাযায় ওলোটা ভাৱনাৰ জলধিৰ মাজত নিজকে ডুবাই পেলাওঁ অন্যথা কোনো নিশ্চিত কুল লাভ নকৰে। হঠাৎ হাতৰ চাপৰিৰ শব্দ কাণত ধ্বনিত হ'ল। শব্দ শুনিব পায়েই অৱশ্যে ৰতনে বুজিছে যে কোন আহিছে। আকৌ ভাৱনাৰ গগণত উৰি গ'ল ৰতন। এইবাৰ অবশ্যে প্ৰেম নহয় বৰঞ্চ জীৱনৰ এনে ব্যৰ্থতা যি জন্মৰ লগে লগেই নিজৰ পৰিয়ালৰ পৰা পৃথক কৰি দিয়ে, মায়া, ভালপোৱা, মৰম সকলোৰে জলাঞ্জলী দিয়াৰ এক কথা । সঁচাকৈয়ে কি জীৱন? ভগৱানো বা কি ? এনে ধৰণৰ সৃষ্টি কৰেই বা কিয় যাক নেকি এই সম্প্ৰদায়-সমাজে মানি নলয়? কিমান দুখ বেদনাৰ সাৰ্বজনীন অনুভূতিৰ মাজেৰে পাৰ হৈ যাব লাগে ইহঁতৰ? "দিয়ক দিয়ক মোৰ ছাহৰূখ" নিজৰ ভাৱ নদীৰ পৰা ওলাই আহি ৰতনে মানি বেগৰ পৰা ২০ টকা ওলাই দিলে " আপোনাৰ জীৱন সফলতা লাভ কৰক" এই বুলি ট্ৰেইনৰ পৰা নামি গ'ল দ'লটোৱে। হুহ অবাকে লাগে যাৰ জীৱন কেতিয়াও সফলতাৰ মাৰ্গ দেখা নাই, সপোন কি বস্তু নাজানেই অবশ্যে জানিলেও বা কি? সেই সপোন জানো কেতিয়াও পূৰ্ণ হ'ব বুলি কোন 
আশা আছে নেকি? এওঁলোকৰ মুখৰ পৰা সফলতা শব্দ কেনে লাগে না !ফোন বাজি উঠিল ৰতনৰ, "এতিয়া আকৌ কোনে কল কৰিলে, উখ এই ডিছ কোম্পানী খঙে উঠি যায়" খঙত কল কাটি পকেটত ভৰাই ৰাখিলে। সেই মূহুৰ্ততে বঙাইগাঁও ষ্টেচন আহি পালে আৰু ৰতন নিজৰ ভাৱনাৰ অন্ত পেলাই ট্ৰেইনৰ পৰা ওলাই ৰাওনা হ'ল 'লোৱাৰ আছাম হস্পিটেল'ত নিজৰ মৃত প্ৰেয়সীৰ মাকক চাবলৈ ।


◾লিখক - সম্ৰাট সাহা

জিলা - কোকৰাঝাৰ

মোবাইল নম্বৰ - ৭০০২৫১২৪৪৬

Post a Comment

Previous Post Next Post