ঔপন্যাসিক হিচাপে ৰজনীকান্ত বৰদলৈৰ কৃতিত্ব-জনাৰ্দন তালুকদাৰ

Rinku Rajowar
0
ঔপন্যাসিক সম্ৰাট হিচাপে ৰজনীকান্ত বৰদলৈৰ নামটো শুনি আহিছিলোঁ যদিও নামটো মন আৰু মগজুত ভালদৰে পৰিচিত হৈছিল স্নাতক মহলত পোৱা অসমীয়া উপন্যাসৰ ধাৰাৰ বিষয়ে জ্ঞান লাভ কৰি থকাৰ সময়তহে। অসমীয়া উপন্যাস সাহিত্যত ৰজনীকান্ত বৰদলৈৰ স্থান সকলোতকৈ উৰ্দ্ধত বুলি এইবাবে কোৱা হয়, কিয়নো তেৱেঁই প্ৰথমে সামাজিক উপন্যাস ৰচনা কৰাৰ লগতে কেইবাখনো বুৰঞ্জীমূলক উপন্যাস ৰচনা কৰি অসমীয়া উপন্যাস সাহিত্যক সু-প্ৰতিষ্ঠিত কৰিছিল।
আধুনিক অসমীয়া সাহিত্যই নিভাজ ৰূপ লৈছিল সেই সময়ৰ অসমীয়া কলেজীয়া ডেকাসকলে প্ৰকাশ কৰি উলিওৱা "জোনাকী" কাকতৰ যোগেদি। যাৰ বাবে অসমীয়া সাহিত্যৰ সেই যুগটোক জোনাকী যুগ বুলি অভিহিত কৰা হৈছিল। এই জোনাকী যুগৰ প্ৰথমৱস্থাৰ উদ্যমী লেখক ৰজনীকান্ত বৰদলৈয়ে উপন্যাস ৰচনা কৰি অসমীয়া সাহিত্যলৈ অমূল্য অৱদান আগবঢ়াইছিল। এটা কথা উল্লেখ নকৰাকৈ থাকিব নোৱাৰি যে অসমীয়া উপন্যাস সাহিত্যৰ মাগদৰ্শক আধুনিক পাশ্চাত্য সাহিত্য আৰু বঙলা সাহিত্য। উইলিয়াম স্কট আৰু বংকিমচন্দ্ৰৰ লেখাই যি সকল অসমীয়া ডেকাৰ মনত উপন্যাস লিখাৰ অনুপ্ৰেৰণা যোগাইছিল, সেই সকল ডেকাৰ ভিতৰত ৰজনীকান্ত বৰদলৈ আছিল শীৰ্ষস্থানত। ইংৰাজ উপন্যাসিক উইলিয়াম স্কটৰ বুৰঞ্জীমূলক ৰচনাসমূহ পঢ়ি মুগ্ধ হোৱা ৰজনীকান্ত বৰদলৈয়ে বঙলা ঐতিহাসিক উপন্যাসিক বংকিমচন্দ্ৰৰ উপন্যাসমূহো অধিক আগ্ৰহেৰে পঢ়িছিল। এই দুয়োজন লেখকৰ লিখনিয়ে ৰজনীকান্ত বৰদলৈক উপন্যাস ৰচনাৰ বাবে প্ৰেৰণা আৰু উৎসাহ যোগাইছিল। 
       
          চৰকাৰী চাকৰি কৰি থকাৰ সময়ত ইংৰাজ উচ্চপদস্থ বিষয়া তথা অসমৰ প্ৰথম বিজ্ঞানসন্মত বুৰঞ্জীপ্ৰণেতা এডৱাৰ্ড গেইটে বৰদলৈক অসমৰ জনসাধাৰণ, তেওঁলোকৰ জীৱনধাৰা, কৃষি-সংস্কৃতিক সজাগ দৃষ্টিৰে অনুধাৱন কৰিবলৈ পৰামৰ্শ দিছিল। বৰদলৈয়েও বিভিন্ন ঠাইত চাকৰি কৰি ঘুৰি ফুৰোতে অনুসুন্ধিৎসু দৃষ্টিৰে অসমৰ বিভিন্ন জাতি-উপজাতিৰে ভৰা অসমীয়া মানুহৰ জীৱনযাত্ৰা আৰু অতীত বুৰঞ্জী অধ্যয়ন কৰি অতীতৰ পটভূমিত লিখিবলৈ লৈছিল উপন্যাস। বৰদলৈয়ে সমসাময়িক অৱস্থাৰ পটভূমি বাছি নলৈ অতীতৰ বুকুলৈ উজাই যোৱাৰ উদ্দেশ্য আছিল - অতীতৰ অসমীয়া জাতিৰ সাহস, সৌৰ্য-বীৰ্যৰ নিদৰ্শন দাঙি ধৰি সমসাময়িক মুমূষু ভীৰু অসমীয়াৰ প্ৰাণত দেশাত্মবোধ জগাই মৃতপ্ৰায় প্ৰাণত সঞ্জীৱনী ঢলা, এসময়ৰ স্বাধীনচেতীয়া বীৰ অসমীয়া স্বাধীনতা লুপ্ত হোৱাৰ কাৰণ নিদৰ্শন কৰা, ইংৰাজ ৰাজত্ব পটনৰ অব্যৱহিত অসমীয়া সমাজৰ ৰীতি-নীতি আৰু ধৰ্ম-সংস্কাৰ আদিৰ চিত্ৰ দাঙি ধৰা,  ঐতিহাসিক বা ৰাজনৈতিক ধুমুহাৰ অন্তৰালত প্ৰবাহিত জীৱনৰ চিৰন্তন সহজাত প্ৰবৃত্তিবোৰৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰা। ৰজনীকান্ত বৰদলৈয়ে এই দৃষ্টিভংগী দাঙি ধৰিছিল তেওঁৰ উপন্যাসৰ চৰিত্ৰবোৰৰ মাজেদি। ৰজনীকান্ত বৰদলৈয়ে তেওঁৰ উপন্যাসৰ জৰিয়তে উপস্থাপন কৰিছিল এটা সম্পুৰ্ণ জীৱন। মানুহৰ মংগলৰ কাৰণে আধ্যাত্মিক চৰ্চাৰ যি প্ৰয়োজনীয়তা, তত্বতে মানুহৰ বিশ্বাস নাথাকক, সেই তত্বৰ মাজেদি মনক ভগৱতমুখী কৰাৰ আৱশ্যকতা আৰু সবাৰো উপৰি এক দেউ এক সেউ পৰম বিষ্ণুহে সৰ্বাদি দেৱ এই কথা ব্যক্ত কৰিবলৈকে বৰদলৈয়ে বাছি লৈছিল বিবিধ চৰিত্ৰ। পুৰণি অসমৰ ৰজাঘৰীয়া, ৰাজ বিষয়াসকলৰ চিত্ৰ দাঙি ধৰাৰ লগতে উপন্যাসত অসমৰ চহা-হজুৱা, ব্ৰাহ্মণ-সজ্জনৰ পৰা গৰখীয়া ম'হগুৱাললৈকে বিভিন্ন চৰিত্ৰৰ অৱতাৰণা কৰিছিল। সত্ৰীয়া পৰিৱেশ অংকন কৰাৰ লগতে সমান্তৰালভাৱে বৰ্ণনা কৰিছিল তান্ত্ৰিক সাধনাৰ দৰে অসমীয়া লোক সংস্কৃতিৰ বহুতো চিত্ৰ। 

      বুৰঞ্জীমূলক উপন্যাস হ'লেও গাওঁৰ সৰল মনৰ ডেকা-গাভৰুৰ প্ৰথম যৌৱনৰ প্ৰেম আৰু ঘটনাস্ৰোতে মিলনোন্মুখ পীৰিতিত ভেটি দি সহজে সহজে প্ৰেমক বিশ্বপ্ৰেমত লীন কৰাৰ চিত্ৰ তেওঁৰ ৰহদৈ লিগিৰী, নিৰ্ম্মল ভকত, ৰংগিলী, তাম্ৰেশ্বৰী মন্দিৰ, দন্দুৱাদ্ৰোহ আদি উপন্যাসবোৰত স্পষ্ট। প্ৰথম দৃষ্টিত হোৱা প্ৰেমৰ সঞ্চাৰ(love at first sight) ৰজনীকান্ত বৰদলৈৰ মনোমতী উপন্যাসত সুন্দৰ ভাৱে দেখিবলৈ পোৱা যায়। পুখুৰীত পানী খাবলৈ হেঁ‌পাহ কৰি বিফল হোৱা ডেকা-গাভৰু ৰহেদৈ-দয়াৰাম, নিৰ্ম্মল-ৰূপহী, শান্তিৰাম-পদুমী, সৎৰাম-ৰংগিলী আদি উপন্যাসৰ চৰিত্ৰসমূহৰ মনত বিৰহৰ বেদনা প্ৰকট হৈছিল যদিও কেতিয়াও মনৰ সংযম আৰু আত্মবিশ্বাস হেৰুওৱা নাছিল। মিলনত ব্যৰ্থ হৈ তেওঁ‌লোকৰ কোনোৱে কাৰো প্ৰতি ঈৰ্ষা-অসূয়াৰ ভাৱ পোষণ কৰা নাছিল। আপোন গণ্ডীৰ প্ৰেম তেওঁলোকে অধ্যাত্মচিন্তাৰে সংযমিত হৈ লীন নিয়াইছিল বিশ্বপ্ৰেমলৈ, অপাৰ শান্তি লাভ কৰিছিল মানৱ সেৱাত। বিৰহৰ হুমুনিয়াহ কাটি চকুলো টুকি কাল কটোৱা চৰিত্ৰ ৰজনীকান্ত বৰদলৈৰ উপন্যাসত দেখা পোৱা নাযায়। ৰজনীকান্ত বৰদলৈৰ উপন্যাসৰ কাহিনীসমূহ ৰাজনৈতিক ঘটনাৱলীৰ লগে লগে সামাজিক ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদিৰ প্ৰতিচ্ছবিৰে পল্লৱিত হৈছিল। ৰংগিলী উপন্যাসখনত বৰ্ণনা কৰিছে অসমীয়া সংস্কৃতি বিহু, বিহুকেন্দ্ৰীক বিভিন্ন খেল-ধেমালীৰ কথা, ছোৱালী পলুৱাই অনাৰ প্ৰথা। মিৰি জীয়ৰীত বৰ্ণাইছে মিৰি(মিছিং) সমাজৰ বিহু, মৰংঘৰত হোৱা পূজাৰ বিৱৰণ। তাম্ৰেশ্বৰী মন্দিৰ উপন্যাসত আগবঢ়াইছে কেঁ‌চাইখাঁ‌তী গোসাঁ‌নী তাম্ৰেশ্বৰী মন্দিৰৰ বৰ্ণনা আৰু প্ৰাচীন সমাজৰ নৰবলি দিয়াৰ বিস্তৃত বিৱৰণ। মনোমতী উপন্যাসত বৰপেটা সত্ৰত উত্থাপিত হোৱা ফাকুৱা উৎসৱৰ মনোৰম বৰ্ণনাৰে উপন্যাসবোৰৰ কাহিনীভাগ আগবঢ়াই নি পাঠক সমাজক পৰিচিত কৰিছিল পুৰণি অসমৰ একোখন সমাজ ব্যৱস্থা, লোক-সংস্কৃতি আৰু তাৰে আলমত কেতিয়াবা মানুহৰ কু-সংস্কাৰ আৰু ভণ্ডামিৰ সৈতে। স্বপ্ন, সন্মোহন, ভোজ-বাজি বা ভেল্কি, যোগশক্তিৰ প্ৰভাৱৰ প্ৰাচুৰ্য বৰ্ণনা তাম্ৰেশ্বৰী মন্দিৰ, ৰহদৈ-লিগিৰী, নিৰ্ম্মল ভকত আদি উপন্যাসত দেখা পোৱা যায়। তেওঁৰ উপন্যাসৰ নাৰী চৰিত্ৰবোৰত সহানুভূতি, আন্তৰিক স্নেহ, প্ৰেম আদিৰ চিত্ৰ গভীৰভাৱে প্ৰকাশ পাইছিল। ৰজনীকান্ত বৰদলৈৰ অংকিত নাৰী চৰিত্ৰবোৰে পুৰুষ চৰিত্ৰতকৈ অধিক প্ৰাধান্য পাইছিল যদিও সেই চৰিত্ৰৰ কোনোজনী নাৰীয়েই দুৰ্বলচেতীয়া বাবেহে লেখকৰ সহানুভূতি লাভ কৰিছিল তেনে নহয়, ৰজনীকান্ত বৰদলৈৰ বৰ্ণিত নাৰী চৰিত্ৰৰ অন্তৰ পৱিত্ৰ, দেশপ্ৰেমেৰে সিক্ত, গভীৰ আত্মবিশ্বাসেৰে প্ৰত্যায়িত আছিল। সকলো মানুহেই প্ৰকৃততে সৎ, পৰিৱেশ আৰু কৰ্তব্যইহে মানুহক অসৎ প্ৰবৃত্তিৰ দাস কৰি তোলে। তথাপি সিহঁতৰ অন্তৰত লুকাই থাকে মৰম, সহানুভূতি আৰু অকৃত্ৰিম প্ৰেমৰ অনুভূতি। বৰদলৈৰ এই সৎচিন্তা ঔপনিষদিক চিন্তাৰ প্ৰতিফলন। এই দৃষ্টি আগত ৰাখিয়েই তেওঁ উপন্যাসত চৰিত্ৰ অংকন কৰিছিল। ৰজনীকান্ত বৰদলৈৰ উপন্যাসত ঘটনাৰ পৰিণতিৰ কাৰুণ্য দুই ধৰণে দেখা পোৱা গৈছিল। এইয়া আছিল তেওঁৰ উপন্যাসৰ বিশেষত্ব। "মিৰি জীয়ৰী" আৰু "দন্দুৱাদ্ৰোহ"ৰ কাহিনীৰ পৰিণতি অতি শোকাৱহ। কিন্তু "ৰহদৈ লিগিৰী" আৰু "নিৰ্ম্মল ভকত"ত প্ৰেমৰ কৰুণ পৰিণতি দেখুৱাইছিল অন্য এক ধৰণে। তেওঁৰ এই উপন্যাসত নায়ক-নায়িকাক ভগৱৎপ্ৰেমত আশ্ৰয় দান কৰাইছিল আৰু সেইদৰে প্ৰেমৰ শোকাৱহ পৰিণতি লাঘৱ কৰি উপন্যাসৰ কাহিনীভাগ সমাপ্ত কৰিছিল। 

ৰজনীকান্ত বৰদলৈ অসমীয়া উপন্যাস সাহিত্যৰ বাটকটীয়া আৰু প্ৰকৃতাৰ্থত তেওঁৰ হাততে অসমীয়া উপন্যাস সাহিত্যই প্ৰতিষ্ঠা লাভ কৰিছিল। উনবিংশ শতিকাৰ শেষ আৰু বিংশ শতিকাৰ আৰম্ভণিৰ সময়খিনিতেই ৰজনীকান্ত বৰদলৈয়ে উপন্যাস ৰচনাৰ আৰম্ভণিৰ যোগেদি পৰৱৰ্তী অসমীয়া ঔপন্যাসিক সকললৈ উপন্যাস ৰচনাৰ বাট মোকোলাই দিছিল। উপন্যাসৰ যোগেদি তেওঁ অসমীয়া জাতিৰ মনত জাতীয় চেতনাৰ ভাৱ জাগ্ৰত কৰিছিল আৰু লগতে অসমীয়া জনসাধাৰণক আধ্যাত্মিক মনোভাৱেৰেও উদ্দীপিত কৰিছিল  ৰজনীকান্ত বৰদলৈৰ সহজ সৰল ভাষাৰে উপন্যাস ৰচনা কৰি সেই সময়ৰ অসমীয়া পাঠকৰ মনত গভীৰ আনন্দৰ যোগান ধৰিছিল। পুৰণি অসমৰ সমাজ ব্যৱস্থা, অসমীয়া সংস্কৃতি, ৰীতি-নীতি আদিৰ কথা উপন্যাসত উল্লেখ কৰি ৰজনীকান্ত বৰদলৈয়ে ঔপন্যাসিক হিচাপে কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছিল। অসমীয়া উপন্যাস সাহিত্যৰ বুৰঞ্জীত ৰজনীকান্ত বৰদলৈৰ স্থান সদায় চিৰস্মৰণীয় হৈ থাকিব।


◾জনাৰ্দন তালুকদাৰ।
জিলাঃ- নলবাৰী(অসম)
যোগাযোগঃ- ৬৯০০৭৮৮৮৭০

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)