অনুভৱৰ একলম-কুঞ্জ মোহন কাকতি

Rinku Rajowar
0
হাতত কলম আৰু কাগজখিলা লৈ কিবা এটা লিখিবলৈ মন গৈছে বাৰুকৈয়ে।কোনোবা এটা বিশেষ দিনৰ অনুভৱৰ একলম।
       দিনটো আছিল ২৫ জুলাই।মহাবিদ্যালয়ত দহ দিনীয়া নাটক,বিহু আৰু চিত্ৰাংকণৰ কৰ্মশালা।সপোন এটা আগত ৰাখি আহিছিলো সপোনৰ পৃথিৱী খনলৈ।আশা কৰা নাছিলো গুৰু দ্ৰোণৰ দৰে শিকাৰু আহিব বুলি।এসময়ত অসমীয়া চলচ্চিত্ৰ জগতত দপদপাই থকা অজয়,পল,পুলেন, বিকাশ আদি ছাৰ হতঁৰ দৰে অভিজ্ঞ ব্যক্তি আহিব বুলি।মুনীন বৰুৱা দৰে বিখ্যাত ব্যক্তি লগত কাম কৰা,কাদম্বৰী,জানমণি,দহন,আদি চুপাৰহিট ছবি উপহাৰ দিয়া তেওঁলোক চোন আজি পাহৰণি গৰ্ভত।কিমান জন অসমীয়াই তেওঁলোকক বৰ্তমান চিনি পাই।
      হিমাশ্ৰী,পৰিহতঁৰ দৰে অভিনয় শিকিব অহা সৰু মাইনা কেইজনী লৈ বৰকৈ মনত পৰিব।কি যে সাৱলীল অভিনয়।আশা আছে এদিন তেওঁলোকক ডাঙৰ পৰ্দাত দেখা পাম।সেইদিনা চিনেমা হলৰ আটাইতকৈ দামী টিকটটো মই ল'ম।
     বিদায় ক্ষণবোৰ বিষাদৰ হয়?বিভিন্ন ঠাইৰ পৰা অহা অচিনাকী বন্ধুবোৰ দুদিনতে আপোন হৈ পৰিল।ব্যস্ত পৃথিৱীখনৰ সৰু এটা কোণত আকৌ লগ পাম বুলি আশা কৰিলো।
       মধুৰ সময়বোৰে চকুলো নিগৰাই।কলমৰ পাকবোৰ থমকি ৰয়।ভাল দিনত কলমটোৱেও আবেগক সুঁৱৰিব ----- 

         *মধুৰ সময়কণ*     

   সময়বোৰ আছিল মধুৰ,
             দিপ্তীমান আকাশত 
                       উজ্জ্বল জ্যোতিষ্ক।

   আছু গোটৰ সদস্য সকলক
               আমাৰ তৰফৰ পৰা নমস্য।।

   স্বপ্ন দেশত আহিছিলো আমি,
        উচ্চ শৃংগ আৰোহণ কৰিম বুলি।

   দেখুৱাইছিল বাট,
               আছুৰ গোটৰ সদস্যই।
   শিকাইছিল আদিপাঠ,
                 গুৰু দ্ৰোণই।।

   এইয়া যে,
                আজি বিদাই ক্ষণ,
   মৰ্ম আৰু হৰ্ষ বিষাদৰ।
                কথা দিলো আজি,
   এদিন লগ হম আমি
                 জ্যোতি চিত্ৰবনত।।

        
            ◾শ্ৰী কুঞ্জ মোহন কাকতি।
             গাওঁ :- হাটীবাট।
              জিলা :- মৰিগাঁও  (অসম)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)