জীৱন-মোহাইমিনুৰ ৰহমান

জীৱনটো হ'ল এখন মুকলি আকাশ
কেতিয়াবা যদি দীপ্তিমান 
তৰাৰ ধেমালিৰে সুখৰ বন্যা
আন কেতিয়াবা ক'লা ডাৱৰৰ
বিভীষিকাৰে বৈ অহা
অশ্ৰুৰ বৰষুণৰ টোপাল।

কেতিয়াবা যদি বজ্ৰপাতৰ
 ৰুদ্ৰমূৰ্তিৰে হিয়াৰ থানবান
আন কেতিয়াবা পুৱতি সূৰুযৰ
 কিৰণৰে নতুনত্বৰ আলিংগন।



  

Post a Comment

Previous Post Next Post