তোমাৰ বাবে -যদুমণি দাস

©Admin
0
নাজানোঁ হৃদয়ত কিয় খোদিত কৰিলো
তোমাৰ ছবি
এতিয়া মাথো হৃদয়ৰ সাম্ৰাজ্যত 
তোমাৰ সান্নিধ্যৰ কোলাহল ।
কিন্তু তোমাক এতিয়া 
কেনেকৈ বুজাওঁ 
মৰুময় হৃদয়ৰ বালি চাহি কিমান উত্তপ্ত ?
বুজানে তুমি ?
এই অনুভৱৰ খলকণি !
বাৰে বাৰে যে
তোমাক কাষত পোৱা হেঁপাহে পিয়াপি দি ফুৰে ।
হ'বানে প্ৰেয়সী মোৰ 
জনম জনম লৈ ।
হাবিয়াস নাই মোৰ 
তুমি জানা 
পাগল হ'বলৈ
কিন্তু পাগল হৈ যাওঁ 
তোমাৰ ওঁঠত ফুটি উঠা 
খিলখিলিয়া হাঁহিটি দেখি ।
অকস্মাত কেতিয়াবা স্তব্ধ হৈ যাওঁ 
সন্মুখত তোমাক দেখি ,
অকৰা হৈ পৰে মোৰ হৃদয়ৰ পৰা
নিগৰি অহা প্ৰতিটো শব্দ , প্ৰতিটো অনুভৱ ।
মাথো তোমাৰ বাবে ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)