প্ৰাপ্তিৰো এখন চিঠি থাকে-অভিজিত তামুলী

এয়া
ডিম লাইটৰ চুইচটো অন কৰি ল'লো
লগে লগে আন্ধাৰবোৰে আহি লাইটটোক সাৱটি ধৰিছে
বাহিৰত ফিৰফিৰকৈ মাৰি থকা বতাহজাকে 
শেৱালিজোপাৰ পাতবোৰ লৰাই দিছে।

বৰষুণ আহিব হবলা
বিজুলি আৰু ঢেৰেকণি নাহিলেই ৰক্ষা !
বৰষুণ বুলি ক'লে মনত পৰে আপোনালৈ
আপুনি যে কৈছিল মোক এনে এটা দিনত 
'বেমাৰত পৰি মৰিবি ল'ৰা
পাৰিলে চোলাটো খুলি মূৰত ল।'
কথাবোৰ এতিয়া বাৰুকৈয়ে মনত পৰে
যেতিয়া পানবজাৰ,দীঘলী পুখুৰী, কৰ্ট-কাছাৰী
আৰু ব্যস্ত মহানগৰখন তিতি থাকে ।
যেতিয়া ফুটপাথৰে খোজ কাঢ়ি বৰষুণত তিতি তিতি যাওঁ 
তেতিয়া মনত পৰে ছাৰ
'আহ কানাইৰ দোকানৰ গৰম পকৰি আৰু চাহৰ জুতি লওঁ'
বোলা কাণত পৰা কথাষাৰলৈ ।

ছাৰ আপুনি জানেই এই পৃথিৱীৰ কথা
মানুহৰ প্ৰয়োজন আৰু ধনৰ মূল্যৰ কথা।
তথাপি, তথাপি মই বুজি নাপাওঁ ছাৰ
বাৰে বাৰে বুজিবলৈ চেষ্টা কৰোঁ,তেন্তে কিহৰ বাবে
কিহৰ বাবে আপুনি সাত হাজাৰ টকাত খাটি আছে ?
স্বাৰ্থ,লোভ,পজিচন নে আপোনাৰ বাসনা 
নে টেবুলৰ সন্মুখত সজাই থোৱা নেমপ্লেটখনৰ বাবে
নে পৃথকৈ দিয়া এ.চিৰ কোঠাটোৰ বাবে !

বেয়া নাপাব ছাৰ , ক্ষমা কৰিব
তেতিয়াহে বুজি উঠিলো যেতিয়া আপুনি খুলি কৈছিল
নোকোৱাৰ মুখখন যেতিয়া খোল খাই যায়
তেতিয়া ওলাই পৰিছিল মাত্ৰ এটা বাক্য আপোনাৰ
'প্ৰাপ্তি',শিকোৱাৰ প্ৰাপ্তি আৰু শিকাৰ প্ৰাপ্তি।'
মই জঠৰ হৈ পৰিছিলো ছাৰ আপোনাৰ কথা শুনি।
যিজনৰ আছে বহু চাৰ্টিফিকেট আৰু মাৰ্কচিট
আছে বহু জ্ঞান আৰু ইংৰাজীৰ কোৱালিটি;
তথাপি নাই তেওঁৰ এখন দামী এম্বেছেদৰ,মটৰ
আনকি ধনৰ লালসা আৰু ধনী হোৱাৰ বাসনা।

শব্দৰ কথাবোৰ বাক্য হ'ব,
বাক্যবোৰ কিতাপ হ'ব
তথাপি নোৱাৰোঁ ছাৰ কৈ শেষ কৰিব
আপোনাৰ প্ৰাপ্তি আৰু সহানুভুতিৰ কথা।
আজিলৈ সামৰিলো,পুনৰ লগ পাম
এই উকা কাগজতে।
যদি ঈশ্বৰে কয় তেনেহলে লগ পাম
লগ দিম আপোনাক আপোনাৰ দুৱাৰ দলিত,
আপুনি শান্ত হৈ তেতিয়া মুখৰ মাত হেৰাব
মই ভৰিখন চুই আপোনাৰ আশীষ শিৰত গুজি ল'ম।

ইতি 
আপোনাৰ পোৱালী।

(আপোনাৰ পোৱালী নাচে আন্ধাৰ কোঠাত ৰৈ
আপুনি আহি পোহৰ দিব,
তেতিয়া আন্ধাৰ আঁতৰি জোনাকত শেৱালি সৰিব।)



Post a Comment

Previous Post Next Post