শাওণৰ পথাৰ-দুলাল বৰা

শাওণৰ পথাৰখনত এজাক ৰোৱনীৰ
চঞ্চলা হাঁহি ৰং ধেমালিৰ নানা
কথাৰ মাজতেই পাৰ হৈছে 
পথাৰৰ সময়বোৰ
তাতেই যেন বিচাৰি 
পাইছে সুখৰ অনুভূতি
জীৱনৰ অন্য এক মাদকতা।

একাঠু পানী আৰু এপল বোকাৰ
 মাজত সোমাই ৰুইছে ভূই ৰোৱনী জাকে
সেউজীয়াৰেই সপোন ৰচি 
আনন্দ উল্লাসৰে গাইছে গান
সৰু বৰ আঙুলিৰ পৰশেৰে
ধান পুলিবোৰ বোকাত গুজি
জগতখন সজাম বুলি
 ন-কৈ সেউজ ৰং সানি ।

এজাক শীতল বতাহে
ধান পুলিবোৰ চুই গৈছে
আৰু জোকাই লাহেকৈ চুই
গৈছে প্ৰতিজনী ৰোৱনীৰ
কঁকালৰ মেথনিখন জোকাৰি
শাওণৰ পথাৰখনৰ
সেউজীয়াবোৰৰ মাজত
চঞ্চল হৈ কিবা এক 
মুক্ত প্ৰেমৰ শিহৰণ
হৃদয়ত জগায় ।

পথাৰৰ বোকাময় আলিটোতে বহি
পোৰা মাছ ,আলু পিটিকা
 লগত খাৰলিৰে 
পঁইতা ভাত খাই
কথাৰ মহলাৰে 
তামোল-চালিৰে কোঁৱাৰিৰে 
বৈ অহা পিকৰ সৈতে
ৰঙা কৰা দুখনি ওঁঠত 
ওলাই আহিছে হাজাৰটা কথা
লাগ-বান্ধ নোহোৱা ,
জাউৰীয়ে জাউৰীয়ে উঠে 
হাঁহিৰ হেন্দোলনি যেন
সন্ধিয়া পৰত ঘৰমুৱা পক্ষীবোৰে
বাহ বিচাৰি আৰু নিজ পোৱালিৰ আগত
কয় গৈ দিনত হোৱা ঘটনাৰ
সমষ্ট বিৱৰণবোৰ। 

ৰ'দ, বৰষুণক নেওচি ভূই ৰোৱা
ৰোৱনীবোৰৰ মনত কেৱল এতিয়েই হেঁপাহ
উকা পথাৰখনক কি দৰে 
কৰিব পৰি সেউজীয়া 
যাতে জগতখন থাকিব 
নালাগে ক্ষুধাৰ তাড়নাত
সকলোৱে যেন থাকক আনন্দত খিলখিলাই।।



Post a Comment

Previous Post Next Post