প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ মাজেৰে
পাৰ হৈ গৈ আছে এই জীৱনটো...
জীৱন এক শব্দ!
হৃদয় ভৰা আবেগ!
ইয়াৰ ঢৌত আছে
অলেখ লহৰ
জীৱনত স্বপ্ন , স্বপ্ন হৈয়ে ৰয়
জীৱন এক প্ৰেম ভৰা ক্ষন্তেক ,
যাৰ স্পন্দনত আছে অলেখ আবেগ,
আবেগৰ চকুলোত
নিঃশেষ হৈ যায়
শত জনৰ অলেখ সপোন...
জীৱনটো যেন এক অবুজ সাঁথৰ
জীৱন জীৱন যেন বৰ অনুপম...
জীৱনটো যেন এক মতলীয়া বতাহ
যান্ত্ৰিকতাৰ বাবে সলনি হয় গতিশীলতা !
জীৱনটো যেন এক জিৰণি ঠাই
শেষ হয় আইৰ কোলাত ।
✍️ৰাহুল চেতিয়া
নিলখ পুৰ ধেমাজি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ