অনুপম সৃষ্টিৰাজিৰ অখণ্ড ভঁৰাল।
জীৱনৰ ঘাত প্ৰতিঘাত হেলাৰঙে পাৰ কৰি
গীতত সুৰৰ লহৰ তুলি ,
সন্মোহিত কৰিলা বিশ্বক তুমি।
মানৱতাৰ গান,
সৰ্বহাৰাৰ গান,
বিপ্লৱী গান ,
দেশপ্ৰেমৰ গান,
তোমাৰ কণ্ঠৰে,
আপ্লুত কৰালা প্ৰাণ,
হলা সুধাকণ্ঠ তুমি।
মোৰ দেশৰ গৌৰৱ,
সকলোৰে হিয়াৰ আমঠু,
সাহিত্য সংস্কৃতিৰ যুগসৃষ্টা,
অসম ৰত্ন তুমি।
শক্তিশালী শব্দৰ শৰ,
সুৰৰ অতুলনীয় জোৱাৰ,
স্বকীয়তাৰ পয়োভৰ,
তোমাৰ গানে গানে।
হে মহান গণশিল্পী,
ইতিহাসৰ পাতত চিৰযুগমীয়া তুমি।
যুগ যুগান্তৰৰ ,
সুগন্ধি কুসুম হোৱা তুমি।
◾সীতা দেৱী, বিহপুৰীয়া
লখিমপুৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ