প্ৰেমৰ কামিজটো ।
সৌ দিনাই পিন্ধিছিলো বুকুত
প্ৰেমৰ ৰঙা কামিজটো ,
ক'ব মন আছিল
কিন্তু মই ক'ব নোৱাৰিলোঁ।
উভতি আহিলো আধা বাটৰ পৰা
কিন্তু মই সেই দিনাই
প্ৰেমৰ ৰঙা কামিজটো পিন্ধিছিলো ।
কি সুন্দৰ প্ৰেমৰ কামিজটো দুটি জীৱ একেটি প্ৰাণ কৰি
চিলাই থোৱা কামিজটো বৰ সুন্দৰ অʼ ।
আজি সেই কামিজটোৰচোন
চিলাই ফাটো ফাটো ,
কিদৰে চিলাও কামিজটো
ভাৱিছোঁ চিলাও মৰমৰ সূতাৰে
ফটা কামিজটোক ।।
✍🏻মিন্টু গোৱলা
লখিমপুৰ কদম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ