সপোন দেশৰ কবি-গায়ত্ৰী কোঁৱৰ

Rinku Rajowar
0
মই কবি হ'ব বিচাৰোঁ 
এখন ভিন্ন পৃথিৱীৰ , 
এই ধৰা সপোন দেশৰ ।
নাজানো !
মই কিমানৰ কবি হ'ব পাৰোঁ 
কিমান আদৰ্শৰ টোপালে সজ্জিত হ'ব পাৰোঁ ,
কিন্তু এই সপোনৰো এটা সপোন আছে 
সৰু সৰু কিছুমান হাবিয়াস আছে ।
সৃষ্টি ধৰাৰ টোকোৰা - টোকোৰ 
খণ্ড - বিখণ্ড অনুভৱবোৰ বুটলি 
এধাৰি মালা গঁথাৰ ,
এধাৰি প্ৰেমৰ মালা 
শব্দৰ মণিৰে ।
য'ত কোনো ধৰণৰ কৃত্ৰিমতা নাথাকিব
নাথাকিব যশস্যাৰ প্ৰতাপ ,
অথবা ইতিকিং , ঠাট্টাৰ ভয় ।
বিশাল পৃথিৱী চানি ধৰা
মানৱ লোকৰ মাজত  
মই হ'ম নিচেই ক্ষুদ্ৰতম কবি ,
সপোন দেশৰ কবি ।
কাৰণ ! 
তাতেই পাম মই মোৰ শান্তি
কবি আত্মাৰ শান্তি।

◾শ্ৰীমতী গায়ত্ৰী কোঁৱৰ। 
জিলা : ডিব্ৰুগড় ( অসম )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)