কুলু-কুলু কৈ বৈ অহা পানী বোৰ
এতিয়া যেন স্তব্ধ হৈ পৰিছে ?
নিলাভ আকাশখন
ক'লা ডাৱৰে আৱৰিব ধৰিছে
ছিন্ন বিছিন্ন হৈ পৰিছে
নিষ্পাপ মানুহৰ শৰীৰ বোৰ
সোৱাদ ল'ব ধৰিছে
গলিৰ ভোকাতুৰ কুকুৰবোৰে,
আস্ফালিত কৰি
সিঁচৰিত হৈছে অৰ্ধ:গলিত শৰীৰবোৰ,
কোনোবাই বাৰে বাৰে চিঞৰি উঠিছে
আমাক জীয়াই থাকিব দিয়া!
পানী !পানী অলপ দিয়া,
কিন্তু???
ভোকাতুৰ কুকুৰবোৰ
দানৱৰ দৰে
জঁপিয়াই পৰিছে
কোমল মাংসৰ ওপৰত,
আজুৰি আনিছে
দেহৰ সৰ্বস্ত কাপোৰ বোৰ,
উদং কৰি সোৱাদ লৈছে
তাইৰ সমস্ত শৰীৰটোৰ।।।
সেই জীৱনবোৰ
এখন কেনভাছেৰে অঁকা ছবিত পৰিণত হ'ল
যাক মই মচি পুনৰ আঁকিব নোৱাৰিম
এইখন ৰঙীন ছবি ।।
◾ৰাহুল চেতিয়া
নিলখ পুৰ ধেমাজি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ