ভাৱনা-বৰ্ণালী গগৈ

তুমি  মৌন  কিয়  ?
মোক  কিয়  অৱজ্ঞা  কৰা  ? 
অতিষ্ঠ  হৈছা  মোক  লৈ  ;
 যিদিনা নাথাকিম সেইদিনা বুজিবা
মোৰ  প্ৰয়োজনীয়তাবোৰ,
মোৰ  অভিমানবোৰ
আৰু  তেতিয়াই  মোক  প্ৰতিটো  ক্ষণতে  
এবাৰ  হ'লেও  সোঁৱৰিবা ।
তেতিয়া  তুমি  নীৰৱতাক  প্ৰশ্ন  কৰিবাচোন
শব্দবোৰৰ  অভাৱ উপলব্ধি  হয়নে ?
কোলাহলবোৰৰ  স্মৃতিয়ে  নিজানক  বাৰু
এবাৰ  হ'লেও  আমনি  কৰেনে ?
নিজানৰ  কেতিয়াবা  মন  যায়নে  
নিৰিবিলি  ঠাইত  বহি
শব্দৰ  সতে  সময়  কটাবলৈ ;
তুমি  বাকৰুদ্ধ  হৈছা ?
খং  উঠিছে ?
নে  বুজিবলৈ  চেষ্টা  কৰিছা
মোৰ  কথাৰ  মেৰপাক !
তুমি  ভাৱনাত  বিভোৰ  হৈ  আছা
নকৰো  আমনি  তোমাক
সৌ  দূৰণিৰ  পৰাই  চাই  ৰম  তোমাৰ  মুখনি
সাঁচি  ৰাখিম  এমুঠি  জোনাক । 
                   
✍️ বৰ্ণালী  গগৈ

Post a Comment

Previous Post Next Post