জীৱন জীৱনেই - অনিৰ্বাণ দত্ত

©Admin
0

টকা আৰু চকা চলি থকা বস্তু 
আমি টকাৰ কোলাত বা চকাৰ দোলাত 
ভ্ৰমি ফুৰা মানুহ ৷
টকা নহ’লে আমাৰ জীৱন অচল
চকা নহ’লে গাড়ীখন অচল হোৱাৰ দৰেই ৷

আজিকালি টকা ঘটা বৰ সহজ কথা নহয়
আজিকালি টকা ঘটা বৰ কঠিন কামো নহয় ৷

সকলোৱে টকা ঘটিব নোৱাৰে 
যিদৰে সকলোৱে তেজৰ পানীত সাঁতুৰিব নোৱাৰে৷
সকলোৱে ৰ’দ বতাহ বৰষুণৰ পৰা বেছি দিন 
পলাই থাকিব নোৱাৰে 
যিদৰে সকলোৱে বিলত নামি ৰৌ বাহু ধৰিব নোৱাৰে ।
মাছ মৰাৰ কিটিপ কাইদাও সকলোৱে সমানে নাজানে ৷

বিলৰ পাৰত বহি থাকিও বহুতে 
ৰৌ বাহুৰ জুতি পূৰাদমে ল’ব পাৰে
বিপৰীতে, বিলত নামি জুৰুলিজুপুৰি হৈয়ো
বহুতে খালী খালৈ লৈয়ে ঘৰলৈ উভতিব লাগে ৷

টকা নহ’লেও চকাৰ দৰে চলি থাকে 
আমাৰ জীৱন ৷ 
চকাৰ দোলাত উঠিও অচলহোৱা
এজাক মানুহৰ বিলৈ দেখি
সামৰিব নোৱাৰোঁ এসোঁতা ক্ৰন্দন ৷৷

◾অনিৰ্বাণ দত্ত ৷
বিষয় শিক্ষক, হাৱাজান উচ্চতৰ মাধ্যমিক বিদ্যালয় ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)