গুৱাহাটী-ৰাকেশ নাথ

0
তোৰ দুহাতত শিকলি লগাই
কোনে কাঢ়ি নিলে স্বাধীনতা ? গুৱাহাটী!
কিমান ৰাতি তই সাক্ষী হ'লি
ধৰ্ষিতা নাৰীৰ ?
তোৰ চকুৰ আগত কিমান ধৰ্ষিতা 
বেশ্যা হ'ল আদালতত, 
গুৱাহাটী
হিচাপ ৰাখিছনে ?
কিমান মৃত শিশুৰ চিতাৰে উপচি আছে তোৰ দেহ
কিমান নাঙঠ শিশু উমলি আছে তোৰ বুকুত
যি বুজি উঠা নাই 
লাজ ঢাকিবলৈ 
কিয় লাগে এডোখৰ কাপোৰ
কিমান নিৰন্ন মানুহে বিচৰণ কৰে
তোৰ ফুটপাথৰ উপত্যকাত ?
বিচাৰি এটুকুৰা ৰুটি 
অথবা ব্ৰেড
তোৰ আকাশে নমোৱা বৰষুণত
কিমান গৃহহীনৰ টোপনি ভাঙে গুৱাহাটী?
শীতত মৰে কোন? 
জাননে!

ক'বিনে গুৱাহাটী
কিমান বেশ্যাৰ চকুপানীৰে উপচি আছে 
তোৰ বুকুৰ দীঘলীপুখুৰী ?


◾ৰাকেশ নাথ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)