কাৰাগাৰ- মাৰ্জিনা বেগম

জীৱনৰ শিকলিবদ্ধ কাৰাগাৰত বন্দী 
চৌপাশে কেৱল বিষণ্ণ মানুহৰ আহ-যাহ ,
এক অনু শান্তিৰ বাবে 
আৰু কিমান কাল অপেক্ষা কৰিব !
কেতিয়া আহিব সুখ 
অস্তগামী আবেলিৰ সেই 
ৰঙা বেলিটোৱেও নাজানে ।

অভাৱী বৰ্ষণত 
প্লাৱনত ভাহে দুখৰ নদী,
কাৰো এপলক সময় নাই 
ভালপোৱাত 
পৃথিৱী যে সলনি হ'ল আজি ।

Post a Comment

Previous Post Next Post