পৰিধিৰ সিপাৰে-হেমেন হাজৰিকা

Rinku Rajowar
0
    হিয়াৰ পৰিধি ভাঙি
    এটা লহপহীয়া সপোন
    আগবাঢ়ে  ।।

    কি আছে পৰিধিৰ সিপাৰে
    এটা অদেখা দৃশ্য  ।।

    নেদেখাৰ আকৰ্ষণ
    তজবজীয়া হয়
    সপোনে বাগৰ সলাই  ।।

    কুঁহিপাত যেন আশাত
     কিবা এটাই  গজালি মেলে  
    সেউজীয়া হোৱাৰ  ।।

    পৰিধিৰ সিপাৰে
    ৰৈ থাকিল ৰহস্যৰ আৱৰণ  ।।

            ◾হেমেন হাজৰিকা
                     ৰাণী
              কামৰূপ অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)