শিক্ষক - এজন আদৰ্শ পুৰুষ - অনিৰ্বান দত্ত

     সৌ সিদিনালৈকে সমাজত শিক্ষকৰ সন্মান আটাইতকৈ বেছি আছিল৷ শিক্ষক এজনৰ কথাবাৰ্তা , চাল-চলন সাজপাৰ আদিত এক বিশেষত্ব ৰক্ষা হৈছিল৷ শিক্ষকজনৰ ব্যৱহাৰ আৰু সামাজিক আচৰণে সকলোকে মুগ্ধ কৰিছিল৷ ৰাইজে শিক্ষক সকলক সন্মান সম্ভ্ৰম প্ৰদৰ্শন কৰি গৌৰৱবোধ কৰিছিল। শিক্ষক সকলৰ গুৰুগম্ভীৰ কথাবাৰ্তা, নিৰপেক্ষ বিচাৰধাৰা, দূৰদৰ্শী চিন্তাচৰ্চা, সকলোকে আপোনজ্ঞান কৰিব পৰা মনোভাৱ, ইতিবাচক দৃষ্টিভংগী, সহজ-সৰল জীৱনচৰ্যা, কৰ্তব্যনিষ্ঠা আৰু সময়ানুৱৰ্তিতা দেখি শুনি সৰ্বসাধাৰণ ৰাইজ গভীৰভাবে অনুপ্ৰাণিত হৈছিল। তেনে গুণীজ্ঞানী শিক্ষক সকলৰ শক্তিশালী ব্যক্তিত্বৰ প্ৰভাৱত অনেক অনাচাৰী, অধৰ্ম্মীলোকে স্বেচ্ছাই শুদ্ধপথ ধৰিছিল ৷ সকলোবোৰ কু-প্ৰবৃত্তিৰ পৰা মুক্ত তথা নিৰ্মল পানীৰ দৰে পৰিষ্কাৰ মন এটাৰে পবিত্ৰ চৰিত্ৰৰ শিক্ষকসকল আছিল সমাজ একোখনৰ বহুমূলীয়া সম্পদ স্বৰূপ৷ শিক্ষক সকলে প্ৰয়োজন সাপেক্ষে সমাজ সংস্কাৰক, পথপ্ৰদৰ্শক আৰু শক্তিশালী নেতাৰ ভূমিকা লৈ সমাজখনক যিকোনো বিপদতে ৰক্ষণাবেক্ষণ দিব পাৰিছিল ৷ একো একোজন সাত্ত্বিক আৰু সৰ্বগুণী শিক্ষকৰ নিৰবিচ্ছিন্ন সেৱা আৰু ত্যাগৰ বিনিময়ত একোখন সমাজ শিক্ষা , সংস্কৃতি আৰু স্বাৱলম্বিতাৰ দিশত বহুদূৰ আগুৱাই গৈছিল৷ অজ্ঞান অন্ধকাৰ আঁতৰি একোখন সমাজ জ্ঞান বিজ্ঞানৰ পোহৰত উজলি উঠিছিল৷ একোখন সমাজৰ উন্নতিত কৃষক ,বনুৱা, ব্যৱসায়ী, উকিল, আমোলা শিল্পী ,শিপিনী সকলোৰে অপৰিহাৰ্য অৱদান থাকে সেয়া হয়, কিন্তু শিক্ষক সকলৰ অৱদান যেন সৱাৰো উৰ্দ্ধত । সৰ্বসাধাৰণ ৰাইজে সৌ সিদিনালৈকে তেনেদৰেই ভাবিছিল ৷ যেন- “এক চন্দ্ৰে জগতৰ অন্ধকাৰ হৰে;/ অসংখ্য তৰাই তেনে কদাচ নোৱাৰে৷” সেই অনুক্ৰমেই, সমাজত শিক্ষকে সৰ্বোচ্চ মান মৰ্যাদা লাভ কৰিছিল ৷ 
         ইতিমধ্যেই সময় সলনি হ’ল ৷ আধুনিক বিজ্ঞান আৰু তথ্যপ্ৰযুক্তিৰ দ্ৰুত সম্প্ৰসাৰণে সমাজৰ প্ৰতিটো কোণলৈে অভূতপূৰ্ব পৰিৱৰ্তন আনি পেলালে ৷ নতুন শতিকাটোৱে সমাজত অচিন পৰম্পৰা, ৰুচিবোধ, খাদ্যাভাস, শিষ্টাচাৰ বা আচাৰ নীতি, মূল্যবোধ আদি জাপি দিলেহি ৷ লগে লগে পৰম্পৰাগত সামাজিক সম্বন্ধ, আচাৰ-ব্যৱহাৰ আৰু ব্যক্তিৰ অগ্ৰাধিকাৰ ভিত্তিবোৰলৈ দ্ৰুত পৰিৱৰ্তন আহিল৷ সমান্তৰালভাৱে জ্ঞানৰ বিষ্ফোৰণো হ’ল ৷ ইণ্টাৰনেটৰ বহুল ব্যৱহাৰে হাতৰ মুঠিতে বিশ্বব্ৰহ্মাণ্ডৰ সকলো জ্ঞান থুপাই দিলেহি৷ নতুন প্ৰজন্মই কৃত্ৰিম বুদ্ধিমত্তাক সাৰথি কৰি বুকু ফিন্দাই ঘূৰি ফুৰিব পৰা হ’ল৷ শিক্ষকৰ গুৰুত্ব আৰু গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা নতুন প্ৰজন্মই উপলব্ধি নকৰা হ’ল ৷ চৰকাৰৰ শিক্ষা বিভাগেও শিক্ষাক দেশৰ অৰ্থনৈতিক উন্নয়নৰ এক বিনিয়োগ হিচাপে গণ্য কৰি বিদ্যালয়ৰ পাঠ্যক্ৰম, শিক্ষকৰ অৰ্হতা, শিক্ষক নিৰ্বাচন পদ্ধতি, শিক্ষকৰ শিক্ষাদান পদ্ধতি, বিদ্যালয়ৰ অনুশাসন আৰু প্ৰশাসন, পৰীক্ষা ব্যৱস্থা ইত্যাদি সকলোবোৰ গুৰুত্বপূৰ্ণ দিশলৈ দ্ৰুতগতিত পৰিৱৰ্তন আনিলে৷ শিক্ষকতা বৃত্তিৰ বাবে অহা প্ৰাৰ্থী সকলৰ স্বভাৱ চৰিত্ৰ, ৰুচিবোধ, সামাজিক দায়বদ্ধতা, দৃষ্টিভংগী আদি পৰিমাপন কৰাৰ প্ৰয়োজনবোধ নকৰাকৈ নতুন নিযুক্তি প্ৰণালী গঠন কৰিলে৷ শৈক্ষিক আৰু বৃত্তিগত নম্বৰ তালিকা আৰু 'ইলিজিবিলিটি টেষ্ট'ৰ নম্বৰ চায়েই শিক্ষক পদত প্ৰাৰ্থীক মকৰল কৰাৰ নতুন নিয়ম হ’ল৷ সমাজে সেৱা বুলি গণ্য কৰি অহা শিক্ষকতা এটা বৃত্তি হৈ পৰিল৷ বহুসময়ত, নিযুক্তি প্ৰক্ৰিয়াবোৰ চৰকাৰৰ বাবে নিবনুৱা সমস্যা সমাধান আৰু ৰাজনৈতিক ক্ষমতা আহৰণৰ উপায় স্বৰূপ হ’ল ৷ নতুন শিক্ষক সকলে সেৱা আৰু ত্যাগৰ মনোভাৱেৰে ছাত্ৰ-ছাত্ৰীক আগুৱাই নিম বুলি ভাবিলেও তেনে এটা অনুকুল পৰিৱেশো বিদ্যালয়বোৰত নোহোৱাৰ দৰে হ’ল৷ বহু ক্ষেত্ৰত শিক্ষক সকলৰ হাতভৰি বান্ধি পেলোৱাৰ দৰে নিয়ম নীতি কিছুমান বিদ্যালয়ত বলবৎ হ’ল৷ ছাত্ৰছাত্ৰীৰ গুণমান বৃদ্ধি কৰিবৰ নিমিত্তে শিক্ষাবিভাগে সৰ্বশিক্ষা অভিযানৰ দৰে বহুমুখী আঁচনিবোৰ ৰূপায়ণ কৰিবলৈ ধৰিলে ৷ ৰাইট টু এডুকেছন এক্ট-২০০৯ ( Right of Children to Free and Compulsory Education Act, 2009) বলবৎ হ’ল ৷ নতুন নতুন বিদ্যালয় প্ৰতিষ্ঠা হ’ল, হাজাৰ বিজাৰ নতুন শিক্ষকৰ নিযুক্তি হ’ল, পুৰণি বিদ্যালয়বোৰত নতুন আন্তঃগাঁথনি আহিল, মধ্যাহ্ন ভোজন আৰম্ভ হ’ল, বিনামূলীয়া পাঠ্যক্ৰম ইউনিফৰ্ম , যাৱতীয় সা-সঁজুলি ছাত্ৰ-ছাত্ৰী সকললৈ যোগান ধৰা হ’ল৷ ফলশ্ৰুতিত শিক্ষক সকলৰ কামৰ হেঁচা বাঢ়িল৷ পাঠদানৰ পৰা মনসংযোগ নি উন্নয়নমূলক আঁচনি ৰূপায়ণৰ হিচাপ বহী, নথিপত্ৰ আদি 'ঔকে' কৰি ৰখাত মন দিব লগা হ’ল৷ শিক্ষাবিভাগৰ বিভিন্ন কাৰ্যালয় আৰু কাৰ্যক্ৰমণিকালৈ শিক্ষক সকলৰ তাঁতবাটি আৰম্ভ হ’ল৷ ৰাজ্যৰ নিৰ্বাচনবোৰৰ দায়িত্ব, যিকোনো জৰীপ বা চেনচাচৰ দায়িত্ব শিক্ষকে নিৰ্বিবাদে ল’বই লাগিব ৷ একাংশ দুৰ্বল চৰিত্ৰৰ লোকক চৰকাৰে শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত মকৰল কৰাৰ পৰিণাম স্বৰূপেই হওক বা ভোগবাদী যান্ত্ৰিক সমাজখনৰ কু-প্ৰভাবৰ বাবেই হওক বহু শিক্ষকে অনৈতিক কাৰ্য সংঘটিত কৰি কাললৈ শিক্ষকৰ মান মৰ্যাদাত কালিমা সানিলে ৷ সমগ্ৰ শিক্ষক সমাজৰে পদ মৰ্যাদা আৰু বিশ্বাসক ধূলিস্যাৎ কৰা এনে ঘটনাবোৰৰ ফলশ্ৰুতিত আজি স্থানীয় সমাজবোৰতে শিক্ষক সকল অবিশ্বাসৰ পাত্ৰ হৈ পৰিল ৷ চৰকাৰৰ বিদ্যালয় প্ৰাদেশিকীকৰণ, একত্ৰীকৰণ, যৌক্তিককৰণ (rationalisation) আদি নীতিৰ দিশত থকা আহুকলীয়া বিধি-ব্যৱস্থাই একাংশ শিক্ষকক আজিও জ্বলাকলা খুৱাই আছে ৷ একাংশ বিদ্যালয় প্ৰধানৰ ভাল ব্যৱস্থাপনা দক্ষতা আৰু নেতৃত্ব গুণৰ অভাৱৰ বাবে বহু বিদ্যালয়ত বিশৃংখলতাৰ সৃষ্টি হৈয়ে আছে৷ মধ্যাহ্নভোজন ব্যৱস্থাই শৈক্ষিক বাতাবৰণৰ মান হ্ৰাস কৰিছে৷ বিদ্যালয়সমূহলৈ বিভিন্ন শিতানত অহা চৰকাৰী অনুদানৰ পৰিমাণ আজিকালি যথেষ্ট বৃদ্ধি হ’ল ৷ বহু বিদ্যালয়ত এনে অনুদানবোৰ খৰচ কৰাত অনিয়ম হোৱাৰ বাতৰি পোহৰলৈ আহিয়ে আছে৷ য’ত বিদ্যালয়ৰ শিক্ষক, স্থানীয় ৰাজনৈতিক নেতা, পৰিচালনা সমিতিৰ সভাপতি সদস্য, খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়, জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় বা স্কুল পৰিদৰ্শকৰ কাৰ্যালয়ৰ একাংশ কৰ্মচাৰী বিষয়া আদি সাঙোৰ খাই পৰিছে ৷ এওঁলোকে বিদ্যালয়বোৰক বেপাৰৰ থলিলৈ পৰিণত কৰি পেলালে ৷ এনে বহু অপৰাধৰ ঘটনা বৈদ্যুতিন সংবাদ মাধ্যমবোৰে বেৰুচি ভাবে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলক বাৰে বাৰে দেখুৱাই আছে ৷ বহু বাতৰি সম্প্ৰচাৰণত অভিযুক্ত শিক্ষক কৰ্মচাৰী বিষয়া আদিৰ ফটো ৰঙা বৃত্তৰ মাজত বাৰেবাৰে টিভি পৰ্দাত ওলাই আছে ৷ এণ্ড্ৰইড মৱাইল ফোনবোৰেও বহু অপৰাধ অনিয়মৰ খণ্ডচিত্ৰ চৌদিশে ভাইৰেল কৰি দিছে ৷ এনে দুৰ্যোগপূৰ্ণ পৰিস্থিতিত শিক্ষকৰ যাউতিযুগীয়া সন্মানসম্পদ আৰু মৰ্যাদাৰ ভেটিটো কেনেকৈ বাচি থাকিব কওকচোন ? গতিকে, আজিৰ চৰকাৰী স্কুলৰ শিক্ষক মানেই বহুতৰ মানত ফাঁকি-ফুকা কৰি দৰমহা খোৱা কৰ্মচাৰীহে৷ এয়া আমাৰ শিক্ষক সমাজৰ বাবে চৰম পৰিতাপৰ কথা ৷
       পুৰণি ভাৰতবৰ্ষত শিক্ষকক গুৰু বোলা হৈছিল আৰু সেই দৰেই সন্মান সৎকাৰ কৰিছিল৷ আজিৰ আধুনিক ভোগসৰ্বস্ব যান্ত্ৰিক পৃথিৱীখনত শিক্ষকে নিজক গুৰুৰ স্তৰলৈ উন্নীত কৰিম বুলি সপোন দেখাটো অৰ্থহীন কথা হ’ব৷ তথাপি, বহু বিশৃংখলতা আৰু উৎকণ্ঠাৰ মাজতো শিক্ষকে হেৰুৱাব ধৰা ব্যক্তিগত আৰু সামাজিক মৰ্যাদা পুনঃ উদ্ধাৰৰ কিছু প্ৰচেষ্টা নকৰিলে সমাজৰ লগতে দেশখনো ৰসাতলে যাব৷ কোঠাৰী আয়োগে কৈছিল যে দেশৰ ভবিষ্যত শ্ৰেণীকোঠাতহে নিৰ্মাণ হ’ব ৷ আৰু এই নিৰ্মাণ কাৰ্যৰ মুখ্য খনিকৰজন যে নিঃসন্দেহে শিক্ষক সেয়া নক'লেও বুজিব পাৰি৷ আজিৰ ফিনলেণ্ড, চুইজাৰলেণ্ড, চীন বা মালয়েছিয়াৰ দৰে আমাৰ দেশৰ শিক্ষকে - কি ৰজাঘৰ কি প্ৰজাঘৰ ক'ৰ পৰাও প্ৰাপ্য অধিকাৰ আৰু সন্মান নাপায় । পদে পদে বঞ্চিত আৰু বাকৰুদ্ধ হৈও শিক্ষক সমাজে ব্যক্তিগত প্ৰচেষ্টাত নিজৰ বৃত্তিগত দক্ষতা আৰু নৈতিক চৰিত্ৰৰ উৎকৰ্ষ সাধন কৰি আজিৰ ডিজিটেল পৃথিৱীৰ স্মাৰ্ট ছাত্ৰ-ছাত্ৰীৰ ওপৰত ইতিবাচক প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিলে আগন্তুক দিনত শিক্ষকৰ গুৰুত্ব আৰু মান সম্ভ্ৰম সমাজত আৰু অৱনতি যে ঘটিব সেয়া নিশ্চিত ৷ 

✍🏻অনিৰ্বান দত্ত
ফোন ৯১০১৮১০৮৬২
হাৱাজান ৭৮৪১৬৯

Post a Comment

Previous Post Next Post