ভাদ-আহিনৰ নিৰ্মল আকাশত ,
শৰত তুমি আহিবানে
এখোজ-দুখোজকৈ ?
বানে গৰকা , ৰ'দে পোৰা পথাৰখনত , সেউতী-মালতীহঁতৰ সপোনবোৰ সিঁচি থৈ
জিৰাব বিচাৰোঁ শৰতৰ শ্যামলী কোলাত ।
সপোনবোৰ লাহে লাহে ফুলি উঠিব
নিত্য নতুন ভঙ্গীমাৰে ,
পঙ্কিলতাৰ আৱর্জনা সোলোকাই ,
নিৰ্মল আকাশৰ শুকুলা মেঘৰ ছাঁয়াত
প্ৰকৃতি শ্যামলী হ'ব ,
বর্ষাই কাণে কাণে দি গ'ল
শৰতৰ বতৰা ।
শৰত তুমি আহিবা ,
আকাশত তৰাৰ ফুল বাচিবলৈ ,
মেঘৰ শুকুলা ছাদৰৰ ফাঁকেদি
নিয়ৰৰ কণিকাই মুকুতাৰ মালা গাঠিব।
শৰতৰ সুকোমল দলিচাতে হ'ব
মহাপুৰুষ জনাৰ জন্ম-জয়ন্তী ।
তোমাৰ স্নিগ্ধ জোনাকৰ সুবাসত
কঁহুৱা ফুলবোৰ ফুলি উঠিব ,
শেৱালিয়েও তলবলকৈ চকু মেলি
কোমল দলিচা পাৰি ,
আদৰি আনিব শাৰদী ৰাণীক ।
শাৰদী ৰাণীৰ মূর্চ্ছনাত
হিয়াৰ কোনোবাখিনিত নতশিৰে আঁকোৱালি ল'ব
মহিষমর্দ্দিনী দেবী দুৰ্গা অসূৰ-নাশিনীক ।
✍🏻ৰুনু শর্মা ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ