নাৰী নিৰ্যাতন-আব্দুল কাদেৰ মিঞা

Rinku Rajowar
0
প্ৰতিদিনে বাতৰি কাকত ,  বৈদ্যুতিক মাধ্যম আৰু সামাজিক মাধ্যমত এটা নহয় এটা নিৰ্যাতনৰ ঘটনা আমি দেখিবলৈ পাই আহিছোঁ ।
বৰ্তমান সময়ত অতি চিন্তনীয় বিষয়সমূহৰ ভিতৰত নাৰী নিৰ্যাতন হৈছে এটা ডাঙৰ সমস্যা । আমাৰ সমাজত যিমানেই শিক্ষিতৰ সংখ্যা দিনে দিনে বৃদ্ধি হৈ আছে সিমানেই নাৰী নিৰ্যাতনৰ দৰে জঘন্য ঘটনা কমি যোৱাৰ পৰিৱৰ্তে বাঢ়িহে আছে।
নাৰী নিৰ্যাতনৰ বাবে আচলতে দায়ী কোন ?
উত্তৰত নিশ্চয় বিচাৰি পাম আমাৰ সমাজৰ এচাম মুখা পিন্ধা ভদ্ৰলোকক।
আমাৰ চৌপাশে লক্ষ্য কৰিলে নাৰী নিৰ্যাতনত বলি হোৱা অসংখ্য নাৰীৰ মৰ্মান্তিক জীৱন কাহিনী ওলাই আহিব।
এগৰাকী নাৰীয়ে বিভিন্ন সময়ত বিভিন্ন ধৰণে নিৰ্যাতনৰ সন্মুখীন হৈ আছে। কেতিয়াবা স্বামীৰ পৰা , শাহু-শহুৰেকৰ পৰা , ননদ বা ঘৰৰ আন কোনো সদস্যৰ পৰা। কেতিয়াবা আকৌ নিজৰ আত্মীয়ৰ পৰা আৰু কেতিয়াবা প্ৰতিবেশীৰ পৰা। আচৰিত কথাটো হ'ল যে  এগৰাকী নাৰীৰ গৰ্ভত দহ মাহ থাকি জন্ম গ্ৰহণ কৰি ডাঙৰ হৈ সেইজন পুৰুষে এদিন নাৰীৰ ওপৰতে নিৰ্যাতন চলায়।
যি সময়ত ভাৰতৰ প্ৰধান মন্ত্ৰীয়ে "Beti bachao Beti Padhao" আঁচনিৰ দ্বাৰা নাৰীৰ উন্নয়নৰ বাবে বিভিন্ন পন্থা হাতত লৈছে তেনে সময়তে নাৰী নিৰ্যাতিত হ'বলগীয়া হৈছে। অতীতৰ পৰাই বহু পুৰুষে নাৰীক ভোগৰ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰি আছে।
সকলো সময়তে আমি শিক্ষকক গুৰুৰ আসনত ৰাখি আছোঁ আৰু কিছু সংখ্যক লম্পট শিক্ষকে শিক্ষাৰ দৰে পবিত্ৰ বৃত্তি এটাক নিজৰ সুযোগ হিচাপে ব্যৱহাৰ কৰি ছাত্ৰীক অশালীন প্ৰস্তাৱ দি বিভিন্ন প্ৰলোভনৰ যোগেদি নিৰ্যাতন চলাই অহাৰ ঘটনা আমি দেখিবলৈ পাই আছোঁ।
পুৰণি কালৰ পৰাই ভাৰতীয় জনসাধাৰণৰ মাজত ধৰ্মৰ প্ৰভাৱ অতি প্ৰবল আৰু এই ধৰ্মৰ সুযোগ লৈ বহু লম্পট ধৰ্মগুৰুয়ে চলাই আছে নাৰীৰ ওপৰত নিৰ্যাতন । আমাৰ সমাজত নাৰী নিৰ্যাতনৰ ঘটনা আজি নতুন নহয়। প্ৰাচীন কালৰ পৰাই নাৰীৰ ওপৰত নিৰ্যাতন চলি আহিছে।
যাত্ৰাপথত গাড়ীৰ ভিতৰত অশালীন ইংগিত , বেয়া মন্তব্য , কৰ্মস্থলীত উচ্চ পদৰ মানুহৰ দ্বাৰা নিৰ্যাতিত  , যৌতুকৰ কাৰণে নিৰ্যাতন , ধৰ্ষণ ,ডাইনী হত্যা আদিৰ দৰে বিভিন্ন ধৰণৰ নিৰ্যাতনৰ বলি হৈ আছে নাৰী।
নাৰী নিৰ্যাতনৰ দৰে জঘন্য ঘটনাসমূহ সমাজৰ পৰা নাইকীয়া কৰিবলৈ হ'লে প্ৰথমে আমি নিজে সজাগ হৈ আনকো সচেতন কৰিব লাগিব।
নাৰী নিৰ্যাতন ৰোধ কৰাটো প্ৰতিজন নাগৰিকৰ এটা সামাজিক তথা নৈতিক কৰ্তব্য।
দোষীক উপযুক্ত শাস্তি দিবৰ বাবে চৰকাৰে কঠোৰ আইনী প্ৰক্ৰিয়া ল'ব লাগিব।
সমাজৰ সকলো শ্ৰেণীৰ মানুহে এই ক্ষেত্ৰত আগবাঢ়ি আহি মাত মাতক তেতিয়াহে এই ব্যাধিৰ পৰা নাৰী সমাজক মুক্ত কৰিব পাৰিব । 

✍🏻আব্দুল কাদেৰ মিঞা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)