বুকুত সপোনৰ বালিঘৰ ,
দুয়ো থাকিম সুখত ।
কত সপোন ৰচিলো
বালি ঘৰ সাজোতে
কত মৰম সাঁচিলো
তোমালৈ বুলি ,
আজিচোন সেই বালিঘৰ বালি হৈ ৰৈ গʼল।
সাঁচি ৰখা মৰমবোৰ মৰম
হৈ বুকুত কৰাল হৈ ৰʼল ।
বালি বোৰ উৰুৱাই লৈ যায় বতাহে ,
সপোনবোৰো সপোন হৈ বুকুত মৰহি যায় ।
তুমি নাহিলা বুলিয়ে বালিঘৰ ভাগিল ,
সপোনো ভাগিল মৰমো মৰহিল
নিঃসংগতাই মোৰ লগৰী
সেই ভাগি যোৱা বালিঘৰটোত ।
◾মিন্টু গোৱলা, লখিমপুৰ, কদম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ