কি বিচাৰোঁ মই ?
মোৰ উদ্দেশ্য কি ?
সপোনৰ ডেউকা মেলিব
বিচাৰোঁ মই
মুকলি আকাশৰ তলত
টাকুৰি ঘূৰাই নাচিব বিচাৰোঁ মই ।
তিৰবিৰাই থকা তৰালি আকাশৰ তলত
জিৰণি ল'ব বিচাৰোঁ মই জোনাকী পৰুৱাৰ পোহৰেৰে ,
নিজৰ জীৱনটো পোহৰাই তুলিব বিচাৰো মই,
কিন্তু , কিয় পৰা নাই মই ?
কোনে ক্ষত-বিক্ষত কৰিলেহি মোক ?
মোৰ নিষ্পাপ হাঁহিটি কোনে কাঢ়ি নিলে ?
ছোৱালী হৈ জন্ম লোৱাটো কি ভুল আছিল মোৰ ?
কিয় মোৰ সমাজখনে শান্তি নিদিয়ে মোক ?
অশান্ত হৈ পৰিছে মন মোৰ আজি
অলপো ইচ্ছা নোযোৱা হৈছে জীয়াই থাকিবলৈ
কিন্তু , মই থাকিম ।
সমাজৰ বিপক্ষে মই মাতি আহিছোঁ
আৰু মাতি যামেই ।
এয়াই হ'ব মোৰ পৰিচয় ।
✍️দীপাঞ্জলী গড়
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ