জ্ঞানৰ জ্যোতি - দিপশিখা ৰাজকোঁৱৰ

©Admin
0
গুৰু ব্ৰক্ষ্মা, গুৰু বিষ্ণু, গুৰু দেৱ মহেশ্বৰ 
গুৰু সাক্ষাৎ পৰম ব্ৰক্ষ্ম,
তষ্মৈয়ী গুৰুৱে নম..
ছাত্ৰ ছাত্ৰী মানেই হৈছে
শিক্ষাৰ সফুৰাৰ পৰা
জ্ঞান আহৰণ কৰি 
জীৱনত সফলতাৰে আগুৱাই যোৱা।
হে মহান ত্যাগী মোৰ শিক্ষাগুৰুসকল প্ৰণাম
আপোনালোকৰ পৰশতে
প্ৰাণ পাই উঠে আমাৰ
কণমানি সপোনৰ পাহিবোৰ 
অজ্ঞানতাৰ কবলৰ পৰা আঁতৰাই
জ্ঞানৰ জ্যোতিৰে উজ্বলাই তোলে
আপোনালোকৰ কৰ্ম সাধনাৰে
প্ৰকৃত মানুহ কৰি গঢ়ি তোলে আমাক
তাৰ বিনিময়ত আমাৰ পৰাতো
একো নিবিচাৰে
বিচাৰে মাথোঁ আমি সফল হোৱাটো
আমি জীৱনত জয়ী হোৱাটো
আমাৰ সফলতাতেই আপোনালোকে
স্বৰ্গীয় অনাবিল সুখ বিচাৰি পায়।
স্থিতপ্ৰজ্ঞ হৈ শিক্ষাৰ লগতে
সকলো দিশ লক্ষ্য কৰি 
জ্ঞানৰ জ্যোতিৰে বিকশাই তোলা আমাৰ অন্ধকাৰ জীৱনটো আপোনালোকৰ বাবেই
দোকমোকালিৰ পোহৰৰ দৰেই
ৰাঙলী হৈ পৰে।
আপোনালোকৰ অবিহনে আমি
অস্তগামী সূৰজৰ দৰেই
অন্ধকাৰত লীন হৈ যাম
জীৱনৰ বাট হেৰুৱাই
ক'ৰবাত বিলীন হৈ যাম আমি ।
সপোন বিহীন পথাৰখনত 
শস্যৰ বীজ সিচি পৰিপূৰ্ণ কৰি
আপোনালোকেই সোণালী কৰি তোলে
জীৱনৰ ৰণত বীৰ যোদ্ধা হৈ
আত্মবিশ্বাসী হ'বলৈ শিকোৱা
হে মহান সহনশীলতাৰ অধিকাৰী 
মোৰ শিক্ষাগুৰুসল আকৌ এবাৰ
প্ৰণাম ।

✍️দিপশিখা ৰাজকোঁৱৰ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)