আবেলিৰ ক্ৰন্দন - খুকুমণি মুদৈ দাস

©Admin
0
ঠন ধৰি উঠা আজি সিহঁতৰ ঘৰৰ সন্মুখৰ আৰু বাৰীখনৰ ধুনীয়া -ধুনীয়া গছবোৰ সৰু-সুৰা দুই এডালৰ বাহিৰে নন্দিনীৰ ককায়েক আৰু গাঁৱৰে সম্পৰ্কীয় দুজন মানে কাটি এফালৰ পৰা তহিলং কৰিব ধৰিল ।
    নন্দিনীয়ে তাইৰ কোঠালীৰ খিৰিকি খনৰ কাষত থিয় হৈ উদাস নয়নে চাই থাকিল নীৰৱে ।হিয়াৰ কোনোবা এটা কোণৰ পৰা চকুলৈ বিয়পিল | একমাত্ৰ মোৰ বিয়াৰ কাৰণে এইবোৰ ধ্বংসলীলাৰে যো-জা চলিছে ;কি যে যন্ত্ৰণা দায়ক এই কথা আচৰিত | 
    এদিনৰ বিয়াৰ বাবে আজি দেউতাৰ অত বছৰৰ নিজ হাতে ৰোপণ কৰা গছবোৰ আজি আমাৰ হাততে নিঃশেষ কৰিব লগা হৈছে |
    গছ- গছনিৰে সেউজীয়া হৈ ভৰি থকা ঘৰখন একেবাৰে উকা - উকা লাগিছে দেখোন ।যিবোৰ গছৰ তলতেই খেলি ডাঙৰ দীঘল হ'লো গৰমৰ দিনত স্কুলৰ পৰা আহি এইবোৰ গছৰ তলতেই এপল জিৰণি লৈছিলো আজি সেইবোৰ নাইকীয়া হৈ গ'ল। বিয়াৰ কাৰণে কি এইদৰে নিজৰ বাৰী ঘৰৰ গছবোৰ কাটিবলগীয়া হয় নেকি ? 
     বৰ আচৰিত আমি মানুহবোৰ । মমতাই এইদৰে নিজকে নিজে কোৱা দি নিজেই নিজক ধ্বিকাৰ দিছে।ডাঙৰ -ডাঙৰ আম কঁঠালৰ গছবোৰ চোতালখনত পৰি ৰৈছে । এনেতে মাকে তাইক মাতিব ধৰিলে _ "মমতা এইফালে বেগেতে আঁহচোন। " 
মমতাই মাকৰ মাত শুনি তাইৰ কোঠাৰ খিৰিকি খনৰ কাষৰ পৰা আঁতৰি আহি মাকৰ কাষলৈ আহিলে ।
  তাইৰ বিয়াৰ কাৰণে চিলাব দিয়া পাটৰ কাপোৰকেইযোৰ এজনে আনি মাকৰ হাতত দিলেহি তাকে চাব'লৈ মাকে মমতাক মাতিছে ।কাপোৰ কেইযোৰ তাই চালে যদিও মনটো বৰ উদাসীন হৈ আছে তাইৰ | নিজকে আজি কিবা দোষী,দোষী লাগিছে | 
    দুদিন পিছত মমতাৰ জোৰোণ আৰু তাৰে পিছদিনা খন বিয়া ।
    ঘৰখনৰ ছোৱালী বুলিবলৈ তাইয়েই আৰু তাইৰ এজন ককায়েক | সেয়েহে নন্দিনীৰ বিয়াৰ বাবে ঘৰত বৰ আনন্দ।বিয়াৰ প্ৰস্তুতিও বৰ সুন্দকৈ কৰিছে তাইৰ মাক দেউতাকে।কিন্তু তাইৰ মনটোহে অসন্তোষ |
    " নন্দিনী অ' নন্দিনী কি চিন্তা কৰিছ ইমানকৈ ? কাপোৰ কেইযোৰ তই দেখোন খুলিয়েই চোৱা নাই বিয়া হৈ যাবি কাৰণে মনটো বেয়া লাগি আছে নহয় ? এৰা অ '_ ছোৱালী মানুহৰ জীৱন নিজৰ ঘৰখন এৰি আনৰ ঘৰলৈ যাব লাগিব এইয়াই নিয়ম সমাজৰ _ আমিও আহিছোঁ নহয় ।"
    নন্দিনীৰ মনৰ ভাবটো মাকে বেলেগ পিনে পোনালে অৱশ্যে হয়ও কথাটো এইটো সময়ত প্ৰতিগৰাকী ছোৱালীৰে মনৰ একেই অৱস্থাই হয় | নিজৰ জন্ম ঘৰ খন এৰি আনৰ ঘৰ এখনলৈ গুছি যাব লগীয়া হয় ।
     মমতাই হাতত কাপোৰ কেইযোৰ লৈ আনি ভালকৈ থৈ দিলে ।
    জোৰোণ হৈ গ'ল বিয়াৰ দিনটো আহিলত ৰাতিপুৱাৰ পৰাই মানুহৰ সমাগম আৰম্ভ হ'ল । মমতাক কলৰ তলত গা ধুঁৱাবলৈ নিছে সেই সময়তে সিহঁতৰে কোনোবা এজনে কোৱা আঁতৰৰ পৰাই তাইৰ কাণত পৰিল।
    "জেগা অলপ কম হ'ল ;বাৰীৰ পিছফালৰ সেই গছ কেইজোপা কাটি দিয়াহেঁতেন বেছি আহল - বহল হ'লহেঁতেন মানুহ ভালকৈ বহিব পাৰিলেহেঁতেন।" 
    মমতাই গা ধুৱাই থকাৰ সময়ত এনেয়েইতো চকুৰ পানী বাহিৰ হৈ আছিলেই ; এই কথাষাৰ তাইৰ কাণত শিলাবৃষ্টিৰ দৰে পৰিল তাইৰ বুকুখনৰ উশাহত ভূমিকম্পৰ জোঁকাৰণি অহাদি আহিল | 
   কি আচৰিত আমিবোৰ ।আমাৰ এই মানুহবোৰ যেন মন -মগজুহীন হৈ পৰোঁ আমিবোৰ ।
    বিয়া মানেই যেন ঘৰখনৰ সকলো শেষ কৰি মানুহৰ আতিথ্য আপ্যায়ন কৰিব লাগিব কৰিলে ভাল নকৰিলে বেয়া।
   তাই কলৰ তলত উচুপি উচুপি কান্দিব ধৰিলে | 
    নন্দিনী আজি এখন ঘৰৰ বোৱাৰী বিয়া হৈ অহা তাইৰ সম্পূৰ্ণ এটা মাহত ভৰি দিলে তাই আজি মাকৰ ঘৰলৈ যাব আবেলি যাওঁতে কেইডাল মান মূল্যবান গছপুলিও লৈ যাব আৰু ঘৰখনৰ চৌপাশে তাই আজি নিজ হাতেৰে গছপুলিবোৰ ৰোপণ কৰিব। তাইৰ বিয়াৰ আগৰ সেই আবেলিটোৰ কথা আজি বৰকৈ মনত পৰিছে এনেতে ভাস্কৰে তাইক মাত লগালে _ 
  "নন্দিনী ওলোৱা সোনকালে মই ৰেডি ,গাড়ীত আছোঁ তুমি গাড়ীলৈ আহিবা ।" 
          
✍️খুকুমণি মুদৈ দাস           
     নলবাৰী 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)