অজানিতে - আব্দুল কাদেৰ মিঞা

©Admin
0
অজানিতে হেৰাই গ'ল
মনৰ ঠিকনা,
পামনে সঁহাৰি তোমাৰ,
এমুঠি ভালপোৱা!
হৃদয়ৰ বন্ধ কোঠালীত
আঁকিছিলো তোমাৰ,
অচিনাকি দেহা !
উচ্চ সুৰত গাইছিলোঁ 
তোমাৰ নামৰ কবিতা ।
হৃদয়ৰ চুকে কোনে 
এটাই মাথোঁ কন্ঠ,
কেতিয়া পাম তোমাৰ
হৃদয়ৰ ঠিকনা !
লোৱা যদি আকোঁৱালি,
তোমাৰ জীৱনৰ লগৰী বুলি।
ধন্য মোৰ মানৱ জীৱন 
কাহানিও আঁতৰি থাকিব নোৱাৰিম 
তোমাৰ মুখৰ মিচিকীয়া হাঁহি।
তুমি যেন শৰতৰ মায়াবী ৰাতি!
তুমি মোৰ জীৱনৰ 
কঁহুৱা বননী।
তোমাৰ মাজতে বিচাৰি পাওঁ,
সুখৰ নিজৰা খনি !

✍️আব্দুল কাদেৰ মিঞা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)