স্বাধীনতা - শৰৎ শ্ৰাৱণ

©Admin
0
আমি সৰ্বহাৰা মানুহ, সকলো অভাৱ,
অভাৱৰ সংবিধানত প্ৰিয় শব্দ স্বাধীনতা
আমি স্বাধীনতা মানে বুজোঁ
ভোকত পেট পূৰাই এসাঁজ ভাত পোৱাৰ
পুৱাৰ ফিকা চাহৰ সতে শুকান ৰুটি এখন
আমাৰ হাড় ভগা শ্ৰমৰ বিনিময়ত 
পোৱা সঠিক মজুৰিখিনি
পুঁজি পটিৰ লাভ আশ্ৰয়ী মালিক আঁতৰি 
আমাৰ কিছু নিজস্বতা খিনি
স্বাধীনতা মানে আমি বুজোঁ
গাঁৱৰ আঢ্যৱন্ত গাওঁবুঢ়া মহাজনৰ হাতৰ মাটিখিনি
আমাৰ হাতৰ মুঠিলৈ আহা 
আমাৰ মাটি আমি চহাম শইচৰুথ
লহপহকৈ বাঢ়িব ধাননি মুকলি পথাৰত 
একেলগে খাব পাৰিম এখাজ ভাত 
লব পাৰিম বুকুৰ সহদয়তাৰ উত্তাপ 
কুশল বাৰ্তা।
স্বাধীনতা মানে আমি বুজোঁ 
সমাজ জীৱনৰ অসমতা আতৰি যোৱাটো 
শেষ হোৱাটো ধনী মধ্যবিত্ত, নিম্ন বিত্ত শ্ৰেণীবোৰ 
আমাৰ পৰিচয় হ'ব কেৱল মানুহ 
স্বাধীনতা মানে আৰু বুজোঁ
তেওঁলোক সুস্বাদু আহাৰ মদ,ব্ৰাণ্ডি,হুইস্কি খালে 
আমি ভোকৰ ভাত মুঠি পোৱাটো 
কাৰোবাৰ বিলাসী অট্ৰালিকা হ'লে 
এটা নুৰুষা জুপুৰী পোৱাটো 
ডানলপ বিছনাত আৰামী ৰাতি কটালে 
এখন গৰম কাপোৰ শুৱলৈ পোৱাটো 
স্বাধীনতা মানে বুজোঁ
প্ৰত্যেকে মানুহ হিচাপে পৰিচয় দিব পৰাটো 
চৰকাৰী ভণ্ডামী দিনে দিনে আতৰি যোৱাটো
শান্তিৰ সূৰ্য হাতত লৈ এজনী চৰাই উৰাটো ।

◾শৰৎ শ্ৰাৱণ , মৰাণ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)